• অখিল গগৈ আৰু এক নতুন ৰাজনৈতিক সমীকৰণ

    আঞ্চলিক
    অখিল গগৈ আৰু এক নতুন ৰাজনৈতিক সমীকৰণ

    ডিজিটেল ডেস্কঃ কোনেও ভাবিব পৰা নাছিল যে মানুহজনে জেইলৰ পৰাই বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিব।মিত্ৰজোঁট – মহাজোঁটৰ সকলো প্ৰত্যাহ্বান নেওঁ‌চি মানুহজন কিন্তু জয়ী হৈ আহিল। তেওঁৰ নতুন ঠিকনা হ’ল অসম বিধানসভা। হয় অখিল গগৈৰ কথাই কৈছো। সম্ভৱত: আজিৰ তাৰিখৰ একমাত্ৰ বিৰোধী বিধায়ক যাৰ ওপৰত মানুহে আৰু সংবাদ মাধ্যমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰখাৰ দৰেই নজৰ ৰাখে। যিয়ে লাভ কৰে সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষক মহলৰ পৰা ঈৰ্ষণীয় গুৰুত্ব।






    শেহতীয়াকৈ অখিল গগৈক লৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কেতবোৰ সমীকৰণ চলিছে। প্ৰধানমন্ত্ৰী মোদীৰ অন্যতম বিৰোধী মমতা বেনাৰ্জীয়ে বিজেপি বিৰোধী ৰণত নিজৰ সেনপতি হিচাপে স্থলাভিসিক্ত কৰিব বিচাৰিছে এইগৰাকী অখিল গগৈক। ইতিমধ্যেই ভাৰতীয় ৰাজনীতিৰ চাণক্য খ্যাত প্ৰশান্ত কিশোৰে মমতাৰ নিৰ্দেশতে অখিল গগৈৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হৈছে। অখিল গগৈৰ সংগ্ৰামী 'ইমেজ' ব্যৱহাৰ কৰি অসমত খোঁপনি পোতাৰ কুচকাৱাজ চলাইছে মমতা বেনাৰ্জীয়ে। ইতিমধ্যেই অখিল গগৈয়েও তেওঁৰ বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা সমৰ্থন ব্যক্ত কৰিছে। গগৈয়ে মমতা বেনাৰ্জীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিচৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে।এনে প্ৰেক্ষাপটত অনাগত লোকসভা নিৰ্বাচনত অখিল গগৈ এক বৃহৎ ফেক্টৰ হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। দীৰ্ঘকাল ধৰি অসমৰ সমাজ-ৰাজনীতিৰ প্ৰতিটো ঘটনাৰ সৈতে সংপৃক্ত হৈ থকা অখিল গগৈ আৰু তেওঁৰ নেতৃত্বাধীন কে এম এছ এছ বা ৰাইজৰ দলৰ ভাৱমূৰ্তিয়ে মমতা বেনাৰ্জীক অসমত সহজে খোঁপনি পোতাত সহায় কৰিব বুলি ৰাজনৈতিক বিশ্লেষকমহলে বাখ্যা আগবঢ়াইছে।





    আনহাতে ইতিমধ্যেই সুস্মিতা দেৱেও কংগ্ৰেছ ত্যাগ কৰি মমতা বেনাৰ্জীৰে হাত মিলাইছে। সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছ গমনে দলটোক বৰাকত নিসন্দেহে লাভৱান কৰিব। এয়া সুস্মিতা দেৱৰ বাবেও লাভদায়ক প্ৰমাণিত হোৱাৰ সম্ভাৱনাই অধিক। নিজ সমষ্টিৰ জনগাঁথনিগত দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সুস্মিতাৰ বাবে তৃণমূল কংগ্ৰেছ বিজেপিতকৈও সুবিধাজনক যেন বোধ হয়। যি নহওঁক, অখিল গগৈ আৰু সুস্মিতা দেৱক লৈ মমতা বেনাৰ্জীয়ে কৰা পৰিকল্পনা কিমান দূৰ সফল হয় সেয়া সময়তহে জানিব পৰা যাব।তথাপি এয়া নিশ্চিত যে ৰাজনীতিত অখিল গগৈ এক বৃহৎ ফেক্টৰ হিচাপে প্ৰমাণিত হ’বলৈ গৈ আছে। অন্তত: সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেওঁক লৈ এটা সমীকৰণ গঢ়ি উঠিব পাৰে বুলি প্ৰশান্ত কিশোৰৰ দৰে ভাৰতীয় ৰাজনীতিৰ নাড়ী-নক্ষত্ৰক ভালদৰে পঢ়ি পেলোৱা ব্যক্তিয়েও বিশ্বাস কৰিবলৈ লৈছে। এয়া নিসন্দেহে গগৈৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবেও এক সুখবৰ।