আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটীঃ দেশজুৰি ক’ভিডৰ ত্ৰাস চলি থকাৰ সময়তে ৰাজ্যৰ ভিন্নস্থানত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিৰ বাদলাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা পৰিয়ালৰ একমাত্ৰ বাসগৃহটিও।
আৰু পঢ়িব পাৰিব : অবিশ্বাস্য! অস্কাৰৰ মঞ্চত পিতৃ-মাতৃৰ যৌন জীৱনক লৈ মন্তব্য পুত্ৰৰ…
পিতৃ আৰু কন্যা শুই থকা অৱস্থাত জ্বলি থকা কেৰাচিনৰ চাকি পৰি যোৱাৰ ফলত মুহূৰ্ততে জুয়ে ঘেৰি ধৰে বাসগৃহটি। পিতৃ-কন্যাৰ চিঞৰ শুনি ৰাইজে দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত এগ্নেছ টিগ্গা নামৰ ৬৫বছৰীয়া বৃদ্ধগৰাকীৰ শৰীৰত জুই লগাত অৰ্ধদগ্ধ হয়৷
আৰু পঢ়িব পাৰিব : প্ৰধান শিক্ষকৰ লুণ্ঠনৰাজঃ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ
সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা আনানঞ্জলি টিগ্গা নামৰ ১৪ বছৰীয়া কিশোৰীগৰাকীৰ। ৰাইজে পানী, বালি আদি বিভিন্ন কৌশল কৰি জুই নুমাবলৈ সক্ষম হয়৷ ঘটনাস্থলীত উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক৷ ডিমাকুছি আৰক্ষীক ৰাইজে বহুবাৰ ফোন কৰি ঘটনাস্থলীলৈ মতাৰ পাছতো উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ উজাৰে। ইফালে এগ্নেছ টিগ্গা নামৰ বৃদ্ধগৰাকী জুইত আহত হৈ চটফটাই থকাত ১০৮ৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷
Leave A Comment