ৰাষ্ট্ৰীয়
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ মাকুমত আজি পুৱাই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে৷ মাকুম চহৰৰ মাজমজিয়াৰ এজন ব্যৱসায়ীৰ গেলামালৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ডটো।
আৰু পঢ়িব পাৰিব : বাহনসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী
আৰম্ভণিতে এখন দোকানত বৈদ্যুতিক বিজুতিৰ কাৰণে অগ্নিকাণ্ড সংঘটিত হৈ পৰৱৰ্তী সময়ত কেইবাখনো দোকানলৈ জুই বিয়পি যোৱাৰ সন্দেহ স্থানীয় লোকৰ। পৰৱৰ্তী সময়ত তিনিচুকীয়া, ডিগবৈ, দুলীয়াজানৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ দ্বাৰা জুই নিৰ্বাপিত কৰা হয় য দিও ইতিমধ্যে জুইত জাহ যায় প্ৰায় ৮-১০খন অধিক দোকানৰ সম্পত্তি।
আৰু পঢ়িব পাৰিব : ৰণবীৰৰ দেহত ক’ভিডৰ উপস্থিতি! স্ব-গৃহত কোৱাৰেণ্টাইন
এই পৰ্যন্ত অগ্নিকাণ্ডৰ ফলত কিমান টকাৰ সম্পত্তি জুইত জাহ গৈছে জানিব পৰা হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷
Leave A Comment