National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লীঃ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই মেগা ঘোষণা। টি-২০ বিশ্বকাপৰ পাছত অধিনায়কৰ পদ এৰিব ৰান মেচিন বিৰাট কোহলীয়ে। ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু ৰোহিত শৰ্মাৰ সৈতে কৰা আলোচনাৰ পাছত এই সিদ্ধান্ত উপনীত হোৱা বুলি সদৰী কৰে তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে অধিনায়কৰ পদৰ পৰা বিৰাট কোহলীয়ে অৱসৰ লোৱাৰ প্ৰসংগ উত্থাপিত হৈছিল। বিষয়টোৱে সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা লাভ কৰিছিল। পৰৱৰ্তী সময়ত বিচিচিআইয়ে কোনো কাৰণতে বিৰাট কোহলীয়ে অৱসৰ নলয় বুলি ন দি কৈছিল। এনে পৰিপ্ৰেক্ষতত বিৰাট কোহলীৰ শেহতীয়া ঘোষণাই হতাশ কৰিছে ক্ৰীড়ানুৰাগীক।
অৱশ্যে, টি-২০ ক্ৰিকেটক নেতৃত্ব নিদিলেও টেষ্ট আৰু এদিনীয়াত অধিনায়ক হিচাপেই খেলিব বিৰাট কোহলীয়ে। এক বিবৃতি যোগে তেওঁ কয় যে, ‘মই কেৱল ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰাই নহয়, নেতৃত্ব দিয়াৰ সৌভাগ্যও লাভ কৰিছো। ভাৰতীয় দলটোৰ অধিনায়ক হোৱাৰ যাত্ৰাত মোক সহায় কৰা সকলোকে ধন্যবাদ। সতীৰ্থ, সহায়ক কৰ্মচাৰী, নিৰ্বাচক তথা প্ৰতিজন দেশবাসীৰ আন্তৰিক সহাঁৰিৰ অবিহনে এয়া সম্ভৱপৰ নহলহেঁতেন।’ কামৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোহলীয়ে জানিবলৈ দিছে। বিশ্বকাপৰ পাছত টি-২০ দলত বেটছমেন হিচাপে খেলিব কোহলীয়ে। বিগত ৮-৯ বছৰ ধৰি ৩টা ফৰ্মেটত খেলি থকা তাৰকা বেটছমেন গৰাকীয়ে কামৰ বোজা নিয়ন্ত্ৰণ কৰাত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এইবাৰ বেটছমেন হিচাপে দলটোৰ বাবে সৰ্বশ্ৰেষ্ঠ উজাৰি দিয়াৰ লক্ষ্য ৰান মেচিন কোহলীৰ।
Leave A Comment