Entertainment
বোকাখাট : নিজ হাতে তিনি ভাগিনক পঞ্চামৃত খুৱালে এগৰাকী জেষ্ঠ কেবিনেট মন্ত্ৰীয়ে৷ হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি মন্ত্ৰীজনে পালন কৰিলে পিতৃ আৰু মামাকৰ দ্বায়িত্ব ৷ পঞ্চামৃত খুৱাই মন্ত্ৰীজনে এতিয়া সকলোৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ জেষ্ঠ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক দেওবাৰে দেখা যায় এই কাৰ্যসূচীত৷
বৰাই তিনি ভাগিনক একেলগে অন্ন প্ৰাসন্ন কৰাৰ লগতে তিনি কন্যাক পাঁচ মাহৰ গৰ্ভাৱতী অৱস্থাত পঞ্চামৃত খুৱাই পালন কৰে নিজ দায়িত্ব৷ অতুল বৰাৰ লগত ভগ্নীৰ দ্বায়িত্ব পালন কৰিছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, বোকাখাতৰ মহকুমাধিপতী ডাঃ নেহা যাদৱে৷ পিছে এইয়া নিজৰ পৰিয়ালৰ নহয়,চৰকাৰী দ্বায়িত্বহে পালন কৰিলে দুয়োগৰাকীয়ে ৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীজনে ৷
ইয়াৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনে পৰিপুষ্টিহীনতাত ভোগা শিশুৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিশেষকৈ চাহবাগিছা অঞ্চলত এনে ৰোগত ভোগা শিশুৰ বাবে এখন ম'বাইল মেডিকেল ভান মুকলি কৰে মন্ত্ৰীজনে ৷ ভানখনত স্বাস্থ্যকৰ্মীয়ে গৈ শিশুৰ স্ব-গৃহতে চিকিৎসা প্ৰদান কৰিব জানিবলৈ দিয়ে অতুল বৰাই৷
Leave A Comment