• অনিমেষৰ হত্যাকাণ্ডৰ মূল নায়ক ক'লা ল'ৰাৰ মৃত্যু : চাওক সবিশেষ

    আঞ্চলিক
    অনিমেষৰ হত্যাকাণ্ডৰ মূল নায়ক ক'লা ল'ৰাৰ মৃত্যু : চাওক সবিশেষ

    ডিজিটেল ডেস্ক : যোৰহাটৰ মাজমজিয়াত নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ মূল নায়ক ক'লা ল'ৰাৰ মৃত্যু৷ নিশা আৰক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ আন এখন গাড়ীয়ে খুন্দিয়াই ক'লা ল'ৰা ওৰফে নীৰজ দাসক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ক'লা ল'ৰাক JMCHত 'BROUGHT DEAD' ঘোষণা কৰে চিকিৎসকে।





    উল্লেখ্য যে দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়৷ অতি বৰ্বৰতাৰে অনিমেষৰ ওপৰত চলোৱা আক্ৰমণৰ ২৪ ঘন্টাৰ ভিতৰতে ক'লা লৰাসহ ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ এই ঘটনাৰ মূল নায়ক ক'লা লৰা ওৰফে নিৰজ দাস প্ৰায় ৯০টাকৈ গোচৰত অভিযুক্ত আছিল৷ জানিব পৰা মতে আৰক্ষীৰ তদন্তত ক'লা লৰাই এক বৃহৎ ড্ৰাগছৰ ঘাটিৰ সম্ভেদ দিম বুলি আৰক্ষীক অৱগত কৰে৷ তাৰ পাছতেই আৰক্ষীয়ে কলা লৰা দাসক লগত লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই৷









    চিনামৰা খৰীয়া চুকৰ অভিযান কালত আৰক্ষীক মিছা তথ্য দি গাড়ীৰ পৰা জঁপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই দুৰ্ঘটনাত পতিত হয়৷ আৰক্ষীয়ে চিকিৎসাৰ বাবে JMCH ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷