• অনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতি: দুদিন বাবে বন্ধ থাকিব গেলামালৰ দোকান

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত অনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতি৷ যাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ প্ৰদক্ষেপ৷ গোলাঘাট, বিশ্বনাথ, যোৰহাটত সম্পূৰ্ণ লকডাউন৷ গোলাঘাটত কালি সৰ্বাধিক ২৬৮জন আক্ৰান্ত হয় কৰ'নাত৷ যাৰ বাবে দুদিন বন্ধ থাকিব গেলামালৰ দোকানো৷

    আজি আৰু কাইলৈ জিলাখনত বন্ধ থাকিব সকলো দোকান৷ ইতিমধ্যে ৭ জিলা কৰা হৈছিল কণ্টেইনমেণ্ট জ’ন৷ ৩ খন জিলাত প্ৰশাসনে জাৰী কৰিছে কঠোৰ লকডাউন৷ যোৰহাট, গোলাঘাটত সেনাৰ ফ্লেগমাৰ্চ৷ তাৰবিপৰীতে বিশ্বনাথত ১২ বজালৈহে শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান প্ৰশাসনৰ৷ বুধবাৰে প্ৰকাশ পাৱ নতুন এছঅ'পি৷ পুনৰ কেইবাখনো জিলা হ’ব পাৰে কণ্টেইনমেণ্ট জ’ন৷ গুৱাহাটীতো বলৱৎ হ’ব পাৰে কঠোৰ ক'ভিড বিধি৷

    Weather Forecast