Politics
Assam chief minister, Himanta Biswa Sarma, challenged his Delhi counterpart, Arvind Kejriwal, to label him corrupt when the latter is on a Guwahati tour...
গুৱাহাটীঃ অন্ধবিশ্বাসৰ কৱলত পৰি নিঃশেষ হৈছে মহানগৰীৰ এটা পৰিয়াল! মহানগৰীৰ ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথত এই ঘটনা সংঘটিত হৈছে। অন্ধ বিশ্বাসৰ কৱলত পৰি মৃত্যুক আকোঁৱালি ল’লে উৎপল ডেকা(২৯) নামৰ এজন যুৱকে। শনিবাৰে নলবাৰীৰ শিমলীয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হয় তেওঁৰ। পৰিয়ালৰ মতে এই মৃত্যু নহয় স্বাভাৱিক, দুৰ্ঘটনাত মৃত্যু হোৱা নাই উৎপল।
এই মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে। হত্যাকাণ্ডৰ বাবে পৰিয়ালে সন্দেহৰ আঙুলি টোৱাইছে জ্যোতিময় শর্মা নামৰ এজন যুৱকলৈ। ডেৰবছৰৰ পূৰ্বৰেপৰা উৎপলৰ সৰু ভগ্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল জ্যোতিময় শৰ্মাৰ। কণ্ঠশিল্পী অংকিতা ডেকাৰ প্ৰেমিক আছিল জ্যোতিময় শর্মা৷ জ্যোতিময় শর্মাই চিকিৎসক, বায়ুসেনাত চাকৰি কৰা বুলি পৰিচয় দি আহিছিল প্ৰেমিকাৰ পৰিয়ালক। ঘটনা সংঘটিত হোৱাৰ দিনা উৎপলৰ সৈতে আছিল জ্যোতিময় শৰ্মাৰ নামৰ যুৱকজন।
ইতিমধ্যে পৰিয়ালৰ লোকে থানাত দাখিল কৰিছে এখন এজাহাৰ। এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। অন্ধ বিশ্বাসৰ কৱলত পৰি খান্দি পেলোৱা হৈছে বাসগৃৰ মজিয়া। নিশা হ’লে বাসগৃহটোত আৰম্ভ হয় অলৌকিক তন্ত্ৰ-মন্ত্ৰ। উৎপলৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগ ধন-সম্পত্তিৰ বাবে এই ঘটনা সংঘটিত কৰিছে কনিষ্ঠ ভগ্নীৰ প্ৰেমিক জ্যোতিময়ে।
Leave A Comment