• অন্ধবিশ্বাসৰ বশৱতী হৈ হত্যাৰ বলি হয় এটি শিশু

    আঞ্চলিক
    অন্ধবিশ্বাসৰ বশৱতী হৈ হত্যাৰ বলি হয় এটি শিশু

    সোণাৰি : এক জঘন্যকৰ ঘটনাৰ সাক্ষী হৈছে সমগ্ৰ অসম৷ অন্ধবিশ্বাসৰ বশৱতী হৈ মৃত্যু মুখত পৰে এগৰাকী কণমানি৷ এই ঘটনাটো সংঘটিত হৈছে সোণাৰিত। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নৃশংস হত্যাৰ বলি হয় প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকী। সোণাৰিৰ টিঙালিবাম চাহ বাগিচাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।





    হত্যাকাণ্ডৰ বলি হোৱা শিশুটিৰ নাম আলিয়া তাঁতী। টিঙালীবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা আছিল আলিয়া। উল্লেখ্য যে, দুপৰীয়াৰপৰা নিৰুদ্দেশ হৈ আছিল আলিয়া।





    বহু সময় বিচাৰ খোচাৰ কৰা পাছত মোমায়েকৰ চাহ বাগিচাৰ মাজৰ পৰা উদ্ধাৰ হৈছে আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহটোৰ ডিঙিত থকা চোকা অস্ত্ৰৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি বলি দিয়াৰ সন্দেহ কৰে আৰক্ষীয়ে। চাহ বাগিচা অঞ্চলত অব্যাহত থকা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই পূজাৰ নামত বলি দিয়াৰ সন্দেহ।