• অপহৰণকাৰীৰ ভয়ানক পৰিকল্পনাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা : থাপাক এনকাউন্টাৰৰ পাছতেই পোহৰলৈ ন-ন তথ্য

    আঞ্চলিক
    অপহৰণকাৰীৰ ভয়ানক পৰিকল্পনাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা : থাপাক এনকাউন্টাৰৰ পাছতেই পোহৰলৈ ন-ন তথ্য

    গোৱালপাৰা: এটি এনকাউণ্টাৰৰ পাছতে খোল খাইছে নানান ৰহস্য৷ অপহৰণকাৰীৰ ভয়ানক পৰিকল্পনাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা৷ ৰংজুলিত বুধবাৰে এনকাউণ্টাৰ হয় দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা৷ জানিব পৰা মতে, থাপাই পৰিকল্পনা কৰিছিল বৃহৎ অপহৰণৰ৷ ৰংজুলিৰ বেলপাৰাত আশ্ৰয় লৈ কৃষ্ণাই এলেকাত অপহৰণ সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কুখ্যাত অপৰাধী অমৰ থাপাসহ দলটোৱে৷





    কিন্তু দিন বেয়া আছিল দলটোৰ৷ অপহৰণ কাৰ্য সংঘটিত কৰাৰ পূৰ্বে গোৱালপাৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল অপহৰণৰ মাষ্টাৰমাইণ্ড দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপাসহ তিনি অপৰাধী৷ গোপন সুত্ৰৰ পোম খেদি আটক কৰা দুৰ্ধৰ্ষ অপহৰণকাৰী, ডকাইত তথা কুখ্যাত অপৰাধীগৰাকীয়ে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ লওঁতেই গুলী কৰে আৰক্ষীয়ে৷ ফলত ভৰিত গুলী লগা কুখ্যাত অপৰাধী থাপা চিকিৎসাধীন হৈ আছে গোৱালপাৰাত৷





    উল্লেখ্য যে, কালি ৰংজুলিৰ বেলপাৰাৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰা হৈছিল দুৰ্ধৰ্ষ ডকাইত অমৰ থাপাক৷ গাঁওখনৰ সমীৰণ ৰাভা নামৰ এগৰাকী যুৱকে বিধৱা মহিলা এগৰাকীৰ ঘৰত আশ্ৰয় দিছিল থাপাক৷