• অপহৰণ কৰি পনবন্দী যুৱকক: আৰক্ষীৰ এনকাউণ্টাৰ!

    আঞ্চলিক
    অপহৰণ কৰি পনবন্দী যুৱকক: আৰক্ষীৰ এনকাউণ্টাৰ!

    গুৱাহাটী : এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে গুৱাহাটীত৷ আলোচনাপন্থী আলফা আৰু প্ৰাক্তন GNLA সদস্যই অপহৰণ কৰিছিল আবুল তালেব নামৰ এজন যুৱকক৷ ২৪ আগষ্টত আবুলৰ চাৰিচকীয়া বিলাসী বাহনেৰে অপহৰণ কৰিছিল এটা চক্ৰই৷





    মেঘালয়ৰ চিনাটাৰীত পনবন্দী কৰি ৰাখিছিল আবুলক৷ অতি কৌশলেৰে অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰে আবুলে৷ ৰংজুলি আৰক্ষীৰ কাষ চাপি অপহৰণকাণ্ডৰ বিষয়ে অৱগত কৰাৰ পাছতে আৰক্ষীৰ অভিযান আৰম্ভ কৰে৷





    অভিযানত গ্ৰেপ্তাৰ হয় অপহৰণকাণ্ডৰে জড়িত প্ৰাক্তন GNLA অমৰ থাপা এলবাৰ্ট চাংমা আৰু আছাও চাংমা৷ আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হয় অমৰ থাপা৷ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এলবাৰ্ট আৰু আছাওক৷ অপহৰণকাণ্ডৰ মাষ্টৰমাইণ্ড আলোচনাপন্থী আলফা জিতু বৰা এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷