• অপাৰেচন ‘লেণ্ড ব্ৰ’কাৰ! একেদিনাই জিলাই জিলাই গ্ৰেপ্তাৰ ৪০০ৰো অধিক বাঘা বাঘা মাটিৰ দালাল

    আঞ্চলিক
    অপাৰেচন ‘লেণ্ড ব্ৰ’কাৰ!  একেদিনাই জিলাই জিলাই গ্ৰেপ্তাৰ ৪০০ৰো অধিক বাঘা বাঘা মাটিৰ দালাল

    ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতেই মাটিৰ দালালৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী৷ চলায় গৈছে ইটোৰ পাছত সিটো অভিযান৷ নলবাৰী, বৰপেটা, শিৱসাগৰত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় মাৰাথন অভিযান৷ প্ৰাপ্ত তথ্য অনুসৰি, নলবাৰীত নিশাৰ ভাগত চলোৱা এক অভিযানত কেইবাজনো দালালক আটক কৰিবলৈ সক্ষম হৈছে নলবাৰী আৰক্ষী৷ নিজ নিজ ঘৰত অতৰ্কিতে চলাইছিল এই অভিযান৷ ভালেকেইজন অনাঅসমীয়া মাটিৰ দালালো পৰিছে আৰক্ষীৰ জালত৷ মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত আটক হৈছে সাংবাদিকো৷ এতিয়ালৈ প্ৰায় ১৫জন দালাল আটক বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ এই অভিযানত নলবাৰীৰ দালালৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷





    জানিব পৰা মতে, নলবাৰীৰ আটাইবোৰ মাটিৰ দালাল পৰিব আৰক্ষীৰ জালত৷ বিশ্বনাথটো মাটি দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় তীব্ৰ অভিযান৷ নিশা মুঠ ১৪গৰাকী মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে৷ অভিযান এতিয়াও অব্যাহত আছে যদিও বিশ্বনাথ আৰক্ষীয়ে এতিয়াও সদৰী কৰা নাই কোনো তথ্য৷ আনহাতে মাটিৰ দালালৰ বিৰুদ্ধে তৎপৰ বৰপেটাৰোড আৰক্ষী। জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান৷ নিশা বৰপেটাৰোড আৰক্ষীৰ অভিযানত ছয়গৰাকী ভূ-মাফিয়াক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে৷ আটক কৰা লোক কেইজন ক্ৰমে- ইন্নছ আলী, ৰহম আলী, তায়েব আলী, নুৰুল ইছলাম, ৰামানন্দ দাস আৰু কৃষ্ণ দাস বুলি জানিবলৈ পোৱা গৈছে৷ আটকাধীন ছগৰাকীৰ ভিতৰত একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ লগতে এগৰাকী হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে৷





    তাৰ উপৰি কামৰূপ জিলাৰ ৫০জন মাটিৰ দালালক আটক কৰিছে কামৰূপ আৰক্ষীয়ে। জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনে চলাই আহিছিল দালালিকাৰ্য। বৰ্তমান উত্তৰ গুৱাহাটী, ছয়গাঁও, পলাশবাৰী, চাংসাৰি, বাইহাটা, হাজো, বকো, গৌৰীপুৰ থানাত ৰখা‌ হৈছে আটকাধীন মাটিৰ দালাল‌ কেইজনক৷ কামৰূপ জিলাত ৬০০জন দালালৰ তালিকা প্ৰস্তুত কৰিছে কামৰূপ আৰক্ষীয়ে। যাৰ সন্দৰ্ভত বিতং খবৰৰ বাবে সংবাদমেল সম্বোধন কৰিব বুলিও প্ৰকাশ কৰে কামৰূপ আৰক্ষীয়ে। শিৱসাগৰতো ১১জন মাটিৰ দালালক আটক কৰিছে৷ শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় অপৰাধীকেইজন৷ ১১০৭/২১ নম্বৰ গোচৰত ৪৫৭/৩৮০ ধাৰাত আটক হয় অপৰাধী কেইজন৷ শিৱসাগৰ আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য সদৰী কৰা নাই যদিও অপৰাধৰ নেতৃত্ব দীপক বৰুৱা, ৰাজা দুৱৰা,গোপাল ৰায় আৰু ৰুবুল আলী নামৰ চাৰিজন অভিযুক্তৰ নেতৃত্বত হৈছিল বুলি জানিব পৰা গৈছে। লখিমপুৰটো আটক কৰা হৈছে মাটিৰ দালাল৷ চি এম ভিজিলেঞ্চ আৰু লখিমপুৰ আৰক্ষীৰ যুটীয়া অভিযাত আটক হৈছে ১৪ জনকৈ দালাল৷ দালালকেইজনক লখিমপুৰ সদৰ থানাত সোধা-পোছা অব্যাহত ৰাখিছে৷