• অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন

    আঞ্চলিক
    অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন

    কৰিমগঞ্জ: কৰিমগঞ্জ জিলা কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গ্ৰেপ্তাৰ কাৰাগাৰৰ ৱাৰ্ডেন। ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৱাৰ্ডেন নৱজিৎ শীলক। কৰিমগঞ্জ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৱজিতক।





    আৰু পঢ়িব পাৰিব : ডিফুত অপহৰণকাৰীৰ কবলৰপৰা নাটকীয়ভাৱে ৰক্ষা পৰিল মহিলা অধিবক্তা





    কৰিমগঞ্জ জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা বহুবছৰৰ পৰা চলি আছে। আৰু এই ক্ষেত্ৰত এইবাৰ যথেষ্ট তৎপৰ হৈ উঠিছে কৰিমগঞ্জ আৰক্ষী। কিন্তু এইবাৰ এই অবৈধ বেহা জিলা কাৰাগাৰৰ ভিতৰত সোমাই পৰিছে।





    আৰু পঢ়িব পাৰিব : ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ





    ইয়াৰ বাবে কাৰাগাৰৰ চৰকাৰী কৰ্মী নৱজিৎ শীলক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল। ইয়াক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্ধৰ্ভত কৰিমগঞ্জৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে৷