Sports
লখিমপুৰ : পত্নীক উদ্ধাৰ কৰি বৰ-লুইতৰ বুকুত হেৰাই গৈছিল ইন্দ্ৰেশ্বৰ বৰা (৪২)৷ ৮ ছেপ্টেম্বৰৰ সেই অভিশপ্ত আবেলিটোৱে পুনৰবাৰ ৰাজ্যবাসীক মৰ্মাহত কৰিছিল৷ নাও দুৰ্ঘটনাৰ বাবে বৰলুইতৰ বুকুত হেৰাই গৈছিল ৩গৰাকীকৈ লোক৷ আঘাটপ্ৰাপ্ত হৈছিল কেইবাগৰাকীও৷ অভিযানৰ পাছত শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছিল বৰাৰ মৃতদেহ৷ শোকত ভাঙি পৰিছিল পৰিয়ালবৰ্গ৷ বাতৰি কাকত, সংবাদ মাধ্যম তথা ছ'চিয়েল মিডিয়াত চৰকাৰ ওপৰতত ক্ষোভ উজাৰি বহুজনে বহু কথা লিখিছে৷ কিন্তু আনক উদ্ধাৰ কৰিবলৈ গৈ লুইতৰ বুকুত হেৰাই যোৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী তথা পৰিয়ালৰ ভবিষ্যৎ অনিশ্বয়তাৰ ফালে গতি কৰিব সেয়া কোনেও ভ'বা নাছিল৷
বিগত ৮ ছেপ্টেম্বৰত গুৰুজনাৰ তিথি উপলক্ষে লখিমপুৰ নাওবৈচাৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা পত্নী ৰূপৰেখা সেনাপতি বৰাৰ সৈতে ঢেকীয়াখোৱা নামঘৰলৈ গৈছিল৷ উভতি আহি ফেৰীৰে নিমাতি ঘাটৰ পৰা মাজুলী হৈ ঘৰলৈ ঘূৰি যোৱাৰ পথত সংঘটিত হৈছিল হৃদয়স্পর্শী নাও দুৰ্ঘটনাটো। পত্নী ৰূপৰেখা সেনাপতি বৰাক উদ্ধাৰ কৰাৰ লগতে কেইবাজনো অসহায় যাত্ৰীক উদ্ধাৰ কৰি নিজেই লুইতৰ বুকুত হেৰাই গৈছিল ইন্দ্ৰেশ্বৰ বৰা।
ৰামপুৰৰ ৰাজগড় হাইস্কুলত অবৈতনিকভাৱে শিক্ষকতা কৰি আছিল ইন্দ্ৰেশ্বৰ বৰাই। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ইন্দ্ৰেশ্বৰ আছিল গাঁওখনৰ অতি প্ৰিয় আৰু সৰবৰাহী যুৱক। ২০০৭চনৰে পৰাই হাইস্কুলখনত অবৈতনিকভাৱে সেৱা আগবঢ়াই আহিছিল৷ পৰিতাপৰ বিষয়ে যে ২০১৩চনত বিদ্য়ালয়খন প্ৰাদেশীকৰণ হৈছিল যদিও দুৰ্ভগীয়া ইন্দ্ৰেশ্বৰ বৰাৰ পদটো নিয়মীয়াকৰণ নহ'ল৷ এতিয়া তেওঁৰ মৃত্যুৰ লগে লগে অনিশ্বয়তাত ভূগিছে তেওঁ পত্নী তথা পৰিয়াল৷ উল্লেখ্য় যে, নিশা শ শ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হয় বৰাৰ৷ কিন্তু তেওঁ অকাল মৃত্যুৱে পত্নীৰ লগতে পৰিয়াললৈ কঢ়িয়াই আনিছে ঘোৰ অমানিশা৷ এমুঠি খোৱাৰ বাবে কি উপায় গ্ৰহণ কৰিব পৰিয়ালটোৱে৷ বিভিন্ন দল-সংগঠনে পৰিয়ালৰ লোকৰ এজনক সংস্থাপন দিবলৈও দাবী উত্থাপন কৰিছে৷
Leave A Comment