• অবৈধভাৱে অতিৰিক্ত ভাৰা সংগ্ৰহ! খঙত অগ্নিশৰ্মা ফেৰীযাত্ৰী

    আঞ্চলিক
    অবৈধভাৱে অতিৰিক্ত ভাৰা সংগ্ৰহ! খঙত অগ্নিশৰ্মা ফেৰীযাত্ৰী

    ধুবুৰীঃ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফেৰীযাত্ৰীৰ পৰা অবৈধভাৱে অতিৰিক্ত ভাৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৫০ৰ ঠাইত ১০০টকাকৈ ভাৰা সংগ্ৰহ কৰাৰ পাছতেই ফেৰীখনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।





    ১০০টকা ভাৰা আদায় ল’লেও যাত্ৰীক দিয়া হোৱা নাই কোনোধৰণৰ টিকট। দক্ষিণ শালমাৰা মানকাচৰৰ সুখচ’ৰৰ পৰা ধুবুৰী পাৰঘাটলৈ আহিছিল যাত্ৰীবাহী ফেৰীখন। এটা ইঞ্জিন চালিত নাও অথবা ফেৰী চলাচলৰ বাবে চৰকাৰে দিয়া নাই কোনোধৰণৰ অনুমতি।





    তাৰ পাছতো ধুবুৰীৰ ফেৰী মালিক সন্থাৰ লেছীয়ে ব্ৰহ্মপুত্ৰ নদী পথত অবৈধভাৱে অব্যাহত ৰাখিছে নাও অথবা ফেৰী চলাচল। ৫০%ৰ বিপৰীতে অতিৰিক্তভাৱে শতাধিক যাত্ৰী কঢ়িয়াই আনিছিল ফেৰীখনে। যাত্ৰীবাহী ফেৰীখন ধুবুৰী পাৰঘাটত উপস্থিত হোৱাৰ পাছতেই ক্ষোভিত যাত্ৰীসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।