• অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক আটক!

    আঞ্চলিক
    অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক আটক!

    দুলীয়াজানঃ দেওবাৰে পুৱতিনিশা দুলীয়াজানৰ ভাদৈ অঞ্চলত আৰক্ষীৰ অভিযানত দিগন্ত গগৈ নামৰ এগৰাকী অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক প্ৰশাসনে আটক কৰিছে। দুলীয়াজান থানাৰ আৰক্ষীৰ পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ২নং বৰপথাৰ গাঁৱৰ ৩০ বছৰীয়া যুৱক দিগন্ত গগৈক আটক কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব : বিত্তীয় অনিয়মৰ অভিযোগ সঁচা নেকি? পুনৰ ন্যায়ালয়ত ‘ৰাফেল’





    অভিযুক্ত দিগন্ত গগৈৰ পৰা ৩ গ্ৰাম হিৰ'ইন, নগদ ধন ২৭,৫০০, AS06W7422 নম্বৰ এখন বাইক, আইফনৰ সৈতে তিনিটা ফোনো জব্দ কৰিছে। অন্যহাতে ড্ৰাগছৰ সৰবৰাকাৰীৰ লগত জড়িত অন্য লোকক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অধিক তীব্ৰতৰ কৰি তোলিছে।





    আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ’নাত আক্ৰান্ত!





    ড্ৰাগছৰ বৃহৎ চক্ৰটোৱে যুৱ-প্ৰজন্মকৰ একাংশৰ জীৱনলৈ অন্ধকাৰ কঢ়িয়াই অনা সময়তে আৰক্ষীৰ এয়া এক বৃহৎ সফলতা। শেহতীয়াকৈ দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনাৰ অধীনত ২১(এ), ২৯ এন ডি পি এছ ধাৰাত আৰু ১৭২/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত দিগন্ত গগৈ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।