• অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ : ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৬৮

    আঞ্চলিক
    অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ : ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৬৮

    গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ৪৬৮জন লোক৷ কালিৰ দিনটোত ৫৯,০২০জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হয়৷ তাৰ ভিতৰত কামৰূপ মেট্ৰ’ত আক্ৰান্ত হয় ১৬১জন৷

    যোৰহাট ৩৬জন, শোণিতপুৰত ২৯জন লোক আৰু দৰঙত ২৩জন লোক আক্ৰান্ত হয় ক’ভিড-১৯ত৷ বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে মুঠ ৪জনকৈ লোক৷ তাৰ বিপৰীতে আৰোগ্যলাভ কৰিছে ৪৭৯জনে৷ ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪,০৩৪জন লোক৷

    ৰাজ্যত আক্ৰান্তৰ হাৰ ০. ৭৯শতাংশ৷ ৰাজ্যত বৰ্তমানলৈ আৰোগ্যৰ সংখ্যা ৫,৮৫,৯১৪জনলৈ বৃদ্ধি পাইছে৷ অন্যহাতে, বৰ্তমানলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫,৯৭,০৭৪ অতিক্ৰম কৰিছে৷ তাৰ ভিতৰত মুঠ ৫,৭৭৯জন মৃত্যুমুখত পৰিছে৷