Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ট’কিঅ’ : ট’কিঅ’ পেৰা অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছে ভাৱিনা পেটেলে। ভাৱিনাই চলিত পেৰা অলিম্পিকত ৰূপৰ পদক সুৰক্ষিত কৰা প্ৰথমগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ হিচাপে বিবেচিত হৈছে। ছেমি ফাইনেলত চতুর্থ শ্ৰেণীৰ এখন খেলত ভাৱিনাই চীনৰ ঝাং মিয়াওক ৩-২ৰ ব্যৱধানত পৰাভূত কৰিছে। ৭-১১, ১১-৭, ১১-৪, ৯-১১, ১১-৮ ছেটত পৰাস্ত হয় চীনা এথলীটগৰাকী। উল্লেখ্য যে, বিশ্বৰ পঞ্চম স্থানত থকা ছাৰ্বিয়াৰ বাৰিস্লাভা পেৰিচ ৰাঙ্কোভিকক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ভাৱনাই।
খেলখনত জয়লাভৰ পাছত ভাৰতীয় পেৰালিম্পিক কমিটীক দিয়া এক সাক্ষাৎকাৰত ভাৱিনাই কয়, ‘এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পাৰিলে মই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ম। ফাইনেললৈ উন্নীত হোৱাৰ কথা ভবা নাছিলো। কিন্তু প্ৰতিখন খেলতে নিজৰ ১০০ শতাংশ প্ৰদৰ্শন তুলি ধৰিবলৈ চেষ্টা কৰিছো। আজিও মই তাকেই কৰিছো। যদি আপুনি আপোনাৰ ১০০ শতাংশ দিয়ে তেন্তে আপোনাৰ জয় নিশ্চিত। মই এতিয়া ফাইনেলৰ বাবে মানসিকভাৱে প্ৰস্তুত। তাতো মই সৰ্ব্বোচ্চ উজাৰি দিম।’
পিচিআই, এছএআই, ব্লাইণ্ড পিপলছ এছ'চিয়েচন আৰু টি.ও.পি.এছ.-ক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় এথলীটগৰাকীয়ে। তেওঁলোকৰ সমৰ্থন অবিহনে ইয়াত উপস্থিত হ’ব নোৱাৰিলোহেঁতেন বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য যে, ভাৰতীয় পেৰা টেবুল টেনিছ তাৰকাগৰাকীয়ে ইয়াৰ পূৰ্বে যোৱা ১৬ ৰাউণ্ডত ব্ৰাজিলৰ জয়েশ ডি অলিভিয়েৰাক পৰাস্ত কৰিছিল।
Leave A Comment