• অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক

    আঞ্চলিক
    অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক

    ডিমাহাছাও : ২০১৮ চনৰ ২৫ জানুৱাৰী, এটি অভিশপ্ত দিন৷ ডিমাহাছওৰ ৰে’লৱে ষ্টেচনত গুলীয়াই হত্যা কৰা হৈছিল দুগৰাকীকৈ সংগ্ৰামী যুৱকক৷ যাৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰে পৰাই দেশে উদযাপন কৰা গণৰাজ্য দিৱসৰ আগদিনা ২৫ জানুৱাৰীৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰা হয় জিলাখনত৷ উল্লেখ্য যে, ২০১৮ চনৰ ১৮ জানুৱাৰীত প্ৰকাশিত হৈছিল এটি বাতৰি৷





    আৰু পঢ়িব পাৰিব : খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী





    য'ত আৰএছএছকৰ্মী জগদাম্বা মলে ডিমাহাছাওকে ধৰি ৮ খন জিলাৰ ভূমি ‘গ্ৰেটাৰ নাগালিম’ ইকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে বিবৃতি দিছিল। যাৰ বাবে সামাজিক আৰু ছাত্ৰ সংগঠনে ২০১৮ চনৰ ২৫ জানুৱাৰীত ১২ ঘণ্টা ডিমাহাছাও বন্ধৰ সিদ্ধান্ত লৈছিল। সেইদিনাই মাইবাং ৰে'লৱে ষ্টেচন সংগঠনে ৰে'লৱে অৱৰোধ কৰিছিল, সেই সময়ত কিছু উত্তেজনা সৃষ্টি হৈছিল আৰু তেতিয়াৰ উপায়ুক্ত দিব্যজ্যোতি হাজাৰিকা আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দেশমতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল৷





    আৰু পঢ়িব পাৰিব : গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক…





    আৰু এই গুলীচালনাত দুজন যুৱক মিটোন ডিবাৰেজ আৰু শ্ৰী প্ৰবান্ত হকমোচা থিতাতে নিহত হোৱাৰ লগতে ১০জন লোক গুৰুত্বৰভাৱে আহত হৈছিল। ভূমি অসমৰ বাবে নিজৰ জীৱনত্যাগ কৰাৰ বাবে যুৱককেইজনক শ্বহীদ আখ্যা দি সেইদিনাৰ পৰা ডিমা হছাওৰ সামাজিক আৰু ছাত্ৰ সংগঠনসমূহে ২৫ জানুৱাৰীৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল।