• অভেল টেষ্টত অনন্য নজিৰ বুমৰাহৰ, কপিল দেৱক অতিক্ৰম

    আঞ্চলিক
    অভেল টেষ্টত অনন্য নজিৰ বুমৰাহৰ, কপিল দেৱক অতিক্ৰম

    নতুন দিল্লীঃ ভাৰতীয় বলাৰ সকলৰ ভিতৰত আাটাইতকৈ দ্ৰুততম ১০০টা উইকেট দখলৰ অনন্য কৃতিত্ব অৰ্জন কৰিছে যশপ্ৰীত বুমৰাহে। মাত্ৰ ২৪টা টেষ্ট ইনিংছতে বুমৰাহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ অলি পোপক মাত্ৰ ২ৰানত আউট কৰাৰ পাছতে এই শততম উইকেট দখলৰ অভিলেখ গঢ়িছে ভাৰতীয় পেচাৰ জনে। বুমৰাহৰ এই কৃতিত্বৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলৰ কিংবদন্তি কপিল দেৱৰ অভিলেখ অতিক্ৰম কৰিছে যশপ্ৰীত বুমৰাহে। বুমৰাহৰ ২৪টা ইনিংছৰ বিপৰীতে ২৫টা ইনিংছত কপিল দেৱে ১০০টা উইকেট দখলৰ নজিৰ সৃষ্টি কৰিছিল।

    আনহাতে ২৮ আৰু ২৯ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল ইৰফান পাঠান আৰু মহম্মদ শ্বামীয়ে। লৰ্ডছ টেষ্টত যশপ্ৰীত বুমৰাহে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। বেটে-বলে উজলি উঠিছিল আগশাৰীৰ ক্ৰিকেটাৰজন। উল্লেখ্য যে, লৰ্ডছ টেষ্টত মহম্মদ শ্বামীৰ সৈতে ৮৯ ৰাণৰ অংশীদাৰীত্ব আগবঢ়াইছিল বুমৰাহে। তাৰ পাছত বুমৰাহৰ বলিং বিক্ৰমত ইংলেণ্ডৰ শীৰ্ষ ক্ৰমটো প্ৰায় বিচলিত হৈ পৰিছিল আৰু দ্বিতীয় টেষ্টত ভাৰতীয় ক্ৰিকেট দলে ১৫১ ৰানত বিপুল জয়লাভ কৰিছিল। স্বাভাৱিকতে ভাৰতীয় বলাৰজনৰ অনবদ্য কৃতিত্বত আনন্দিত ক্ৰিকেট অনুৰাগী।