• অভয়াপুৰীত বিদ্যুৎ বিভাগৰ লক্ষাধিক টকা আত্মসাৎ, গ্ৰেপ্তাৰ ১

    আঞ্চলিক
    অভয়াপুৰীত বিদ্যুৎ বিভাগৰ লক্ষাধিক টকা আত্মসাৎ, গ্ৰেপ্তাৰ ১

    বঙাইগাঁওঃ শক্তি বিভাগৰ ঊৰ্ধ্বতম মহলক ভুৱা মেডিকেল বিল জমা দি বক্ৰপথেৰে বিভাগীয় ধন আত্মসাৎ কৰাৰ অপৰাধত বুধবাৰে অভয়াপুৰীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ এজন কৰ্মচাৰীক অভয়াপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে, এক দুষ্টচক্ৰই ভুৱা মেডিকেল বিল জমা দি লাখ লাখ টকা আত্মসাৎ কৰিছিল৷ ভুৱা বিলৰে ৰাজ্য চৰকাৰৰ শক্তি বিভাগক প্ৰৱঞ্চনা কৰাসকলৰ ভিতৰত অন্যতম অভয়াপুৰীৰ নিকটৱৰ্তী কটাশবাৰীৰ শুভেন্দু ৰায় নামৰ ব্যক্তিজন৷





    শক্তি বিভাগৰ উচ্চ মহলে শেহতীয়াভাৱে উক্ত প্ৰৱঞ্চক কেইজনৰ তথ্য লাভ কৰে আৰু তাৰ পাছতে অভয়াপুৰী উপ-সংমণ্ডলৰ শুভেন্দু ৰায় আৰু জয়ন্ত পাঠক নামৰ দুজন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰে৷ লগতে বক্ৰপথেৰে আত্মসাৎ কৰা ধনসমূহ ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়ে৷ ইপিনে শক্তি বিভাগৰ উচ্চমহলে বিভাগীয়ভাৱে প্ৰৱঞ্চকসকলৰ বিৰুদ্ধে সংশ্লিষ্ট থানাত এজাহাৰ দাখিলৰ নিৰ্দেশনা প্ৰদান কৰে।






    পাছত বঙাইগাঁও সংমণ্ডলৰ সহকাৰী জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে শুভেন্দু ৰায় আৰু জয়ন্ত পাঠকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷ এজাহাৰ ভিত্তিতে আৰক্ষীয়ে শুভেন্দু ৰায় নামৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে আৰু জয়ন্ত পাঠক নামৰ আন এজন প্ৰৱঞ্চকে পলায়ন কৰে৷ খবৰ অনুসৰি, এই চক্ৰটোৰ মূল গুৰিবঠা ধৰি আহিছে গোৱালপাৰা জিলাৰ দুধনৈৰ অৱনী বৰ্মন নামৰ চিকিৎসা বিভাগত কাম কৰা অন্য এজন কৰ্মাৰীয়ে৷ এইজন লোকে বিভিন্ন অঞ্চলত শক্তি বিভাগত কাম কৰা একাংশ লোকক টাৰ্গেট কৰি লৈ তেওঁলোকক বিদ্যুৎ বিভাগৰ মেডিকেলৰ ভাট্টাৰ কথা কয়৷ লগতে তেওঁৰপৰা কিদৰে টকা উলিয়াই ল’ব লাগে সেইটোৰো দায়িত্ব তেওঁ লয়৷ সহজলভ্য ধনৰ আশাত বহু লোক বন্দী হৈছিল অৱনী বৰ্মনৰ জালত৷