• অমানৱীয়! মাতৃক আক্ৰমণ পুত্ৰ-বোৱাৰীৰ

    আঞ্চলিক
    অমানৱীয়! মাতৃক আক্ৰমণ পুত্ৰ-বোৱাৰীৰ

    নলবাৰীঃ নলবাৰী জিলাৰ বৰপুল্লা গাঁৱৰ এটা পৰিয়ালত অবৈধভাৱে মদ বিক্ৰী কৰাক লৈ অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিণতিত পুত্ৰ-বোৱাৰীয়ে বৃদ্ধা মাতৃক নিৰ্মমভাৱে মাৰপিট কৰে। প্ৰাপ্ত অভিযোগমতে অমৰ শইকীয়া নামৰ লোকজনে নিজৰ ঘৰতে দীৰ্ঘদিন ধৰি মদ বিক্ৰী কৰি অঞ্চলটোৰ পৰিৱেশ কলুষিত কৰিছে। পুত্ৰৰ এই অপকৰ্মত মাতৃ ফুলু শইকীয়াই বাধা প্ৰদান কৰি আহিছে যদিও পুত্ৰই মাতৃৰ হকা-বাধা নামানি অপকৰ্ম অব্যাহত ৰাখিছে।





    আনকি বিভিন্ন সময়ত পুত্ৰ-বোৱাৰীয়েকে বৃদ্ধা মাতৃক অপদস্থও কৰে। অবৈধ মদ বিক্ৰীত বাধা প্ৰদান কৰাৰ বাবে পুত্ৰ-বোৱাৰীয়ে মাতৃ ফুলু শইকীয়াক নিৰ্মমভাৱে প্ৰহাৰ কৰে। ফলত মূৰ, হাত, ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৃদ্ধা মাতৃগৰাকী। স্থানীয় লোকে ততাতৈয়াকৈ বৃদ্ধাগৰাকীক নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কালি সন্ধিয়াৰ ভাগত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে।