National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
ভেৰগাঁওঃ পিতৃক কুঠাৰেৰে ঘপিয়াই হত্যাৰ অপ-চেষ্টা এজন যুৱকৰ। ২ নং ডিমাকুছিৰ বাগানতাৰীত সুৰাৰ ৰাগীত মাতাল হৈ পুত্ৰই ৰাজপথতে হত্যাৰ চেষ্টা কৰে। বাগানতাৰীৰ ৰবিন্দ্ৰ বেজবৰুৱা (৪৫)ৰ পুত্ৰ যতীন বেজবৰুৱাই হত্যাৰ চেষ্টা চলায়।
স্থানীয় ৰাইজে ডিমাকুছি আৰক্ষী থানাত খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনসহ আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীৰ বাহনতে সংকটজনক অৱস্থাত ‘টংলা অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰা হয় আহত ব্যক্তিজনক । ঘটনা সংঘটিত কৰি পুত্ৰ যতীন বেজবৰুৱা (১৮)ই পলায়ন কৰে ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত আছে সমগ্ৰ ডিমাকুছি অঞ্চলত।
Leave A Comment