ৰাষ্ট্ৰীয়
নতুন দিল্লীঃ আইচিচি-এ প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ক্ৰিকেটক বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ স্তৰত অন্তৰ্ভুক্ত কৰাক প্ৰসংগত এটা ‘ৱৰ্কিং গ্ৰুপ’ইতিমধ্যে গঠন কৰিছে আইচিচি-এ। মঙলবাৰে এক বিবৃতিযোগে বিশ্ব ক্ৰিকেটৰ নিয়ন্ত্ৰক সংস্থা আইচিচি-এ এই কথা সদৰী কৰিছে। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ইয়ন হোৱাইটমোৰে আইচিচি অলিম্পিক ‘ৱৰ্কিং গ্ৰুপ’ৰ মুৰব্বী হ’ব।
তেওঁৰ সৈতে আইচিচিৰ স্বতন্ত্ৰ সঞ্চালক ইন্দ্ৰ নুই, জিম্বাব’ৱে ক্ৰিকেট প্ৰধান তাবেঙ্গা মুকুলানী, আইচিচি সহযোগী দেশৰ সঞ্চালক তথা এছিয়ান ক্ৰিকেট পৰিষদৰ উপ-সভাপতি মহিন্দা ভালীপুৰম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট প্ৰধান পৰাগ মাৰাঠে উপস্থিত থাকিব।ৱৰ্কিং গ্ৰুপে ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিক আৰু ২০৩২ৰ ব্ৰিজিবেন অলিম্পিকৰ ওপৰত দৃষ্টি ৰাখি ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ ওপৰত বিধিসন্মত কাৰ্যপ্ৰণালী গ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে।
Leave A Comment