Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
পোলেণ্ডঃ ট’কিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী এগৰাকী মহিলা এথলীটে তেওঁৰ পদকটো কিছুদিন পূৰ্বে নিলাম কৰিছে। মহিলাগৰাকীয়ে জেভলিন থ্ৰ’ত লাভ কৰিছিল পদকটো। ক্ৰীড়াবিদগৰাকীৰ অলিম্পিকৰ পদক নিলামৰ ঘটনাই সকলোকে আচম্বিত কৰিলেও ইয়াৰ আঁৰৰ কাহিনীত বিশ্ববাসীৰ অন্তৰ জিকাৰ খাই উঠিছে। অলিম্পিকত পদক অৰ্জন কৰাটো প্ৰতিগৰাকী এথলীটৰে এক অনন্তমুখী স্বপ্ন।
এই সপোনৰ পম খেদি, বিশ্বজয়ৰ স্বপ্ন বুকুত গুজি খোজ লয় একোগৰাকী খেলুৱৈয়ে। হাজাৰ-হাজাৰ এথলীটৰ মাজৰ কিছুসংখ্যক এথলীটৰহে এই স্বপ্নই বাস্তৱ ৰূপ পায়। ট’কিঅ’ অলিম্পিক ২০২০ত কেইবাগৰাকী এথলীটে নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত পোলেণ্ডৰ জেভলীন থ্ৰ’য়াৰ মাৰিয়া এণ্ড্ৰ’জো লেখত ল’বলগীয়া। কেন্সাৰৰ দৰে জটিল ৰোগক পৰাভূত কৰা ২৫বৰ্ষীয় উদ্যমী ক্ৰীড়াবিদ মাৰিয়া এণ্ড্ৰ’জ-এ সদ্যসমাপ্ত অলিম্পিকত লাভ কৰিছিল ৰূপৰ পদক।
কিন্তু কিছুদিনৰ পাছতে প্ৰাপ্ত পদকতো নিলামত দিয়ে ক্ৰীড়াবিদগৰাকীয়ে। উল্লেখ্য যে, মাৰিয়াই এটি শিশুৰ চিকিত্সাকৰ বাবে অলিম্পিক পদকটো অনলাইনযোগে নিলাম কৰে। ৮মহীয়া শিশু মিল’ক্স মলীছাৰ চিকিত্সাতৰ বাবে এই সিদ্ধান্ত উপনীত হয় মাৰিয়া। জানিবলৈ পোৱা মতে মিল’ক্সৰ হাওঁফাওঁৰ চিকিত্সা ৰ বাবে ২.৮৬ কোটি টকাৰ প্ৰয়োজন। শিশুটিৰ চিকিত্সায়ত সহায়ক হোৱাকৈ বিভিন্নজনে ভিন্ন ধৰণে সহায়ৰ বাবে আগবাঢ়ি আহিছে। শেহতীয়াকৈ, মাৰিয়াৰ এই বদান্যতাত বিমুগ্ধ বিশ্বৰ নাগৰিকসকল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াবিদসকলে মাৰিয়াক প্ৰশংসাৰে উপচাই পেলোৱা দেখিবলৈ পোৱা গৈছে।
Leave A Comment