International
Digital Desk : Prime Minister Narendra Modi on Saturday arrived in Kuwait for a 2-day visit. His visit will strengthen the India-Kuwait friendship across various sectors. He thanked the Gulf country and expressed
ডিফু : অশান্তজৰ্জৰ কাৰ্বি পাহাৰত এতিয়া শান্তিৰ বা বলিছে৷ ৬টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে সশস্ত্ৰ সংগ্ৰাম আৰু অশান্তিৰ এটা অধ্যায়ৰ অন্ত পৰিল। শান্তি চুক্তিৰ পাছতে ভংগ কৰা হৈছে এটাৰ পাছত আনটো বিদ্ৰোহী সংগঠন৷ ইয়াৰ পাছতে শিবিৰ ত্যাগ কৰি আপোন ঘৰখনলৈ ৰাওনা হৈছে সংগঠনৰ সকলো নেতা-সদস্য৷
UPLAৰ পাছত আজি আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ল দ্বিতীয়টো চুক্তি স্বাক্ষৰকাৰী সংগঠন PDCK৷ ডিফুৰ ফাৰ্মাছ গ্ৰ’থ চেণ্টাৰত আয়োজিত সংগঠনটোৰ এখন সভাত ভংগ কৰা হয় PDCK সংগঠনটো৷ সংগঠনটোৰ শীৰ্ষ নেতৃত্বকে ধৰি মুঠ ৩৮৭গৰাকী সদস্যৰ উপস্থিতিত আয়োজিত এখন সভাত সংগঠনটো ভংগ কৰা বুলি ঘোষণা কৰে সংগঠনটোৰ অধ্যক্ষ ছংবিজিত ইংতি কাথাৰে৷
ইফালে, এই শান্তি চুক্তিক লৈ সুখী বুলি সাংবাদিকৰ আগত মন্তব্য কৰিলে PDCKৰ অধ্যক্ষগৰাকীয়ে৷ উল্লেখ্য যে যোৱা ৪ ছেপ্টেম্বৰত জিলাখনৰ আন পাঁচটা বিদ্ৰোহী সংগঠনৰ সৈতে PDCKয়েও স্বাক্ষৰিত কৰিছিল শান্তি চুক্তি৷
Leave A Comment