• অশ্লীল ভিডিঅ’ দেখুৱাই নাবালিকাক ধৰ্ষণ বয়োজ্যেষ্ঠ লম্পটৰ

    আঞ্চলিক
    অশ্লীল ভিডিঅ’ দেখুৱাই নাবালিকাক ধৰ্ষণ বয়োজ্যেষ্ঠ লম্পটৰ

    গোৱালপাৰা : ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ধৰ্ষণৰ ঘটনা ৷ এগৰাকী বয়োজ্যেষ্ঠ পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা ৷ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ মাটিয়াৰ কাৰিপাৰা ৰাভাপাৰাত৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট ইছমাইল হুছেইনে প্ৰথমে মোবাইলত ভিডিঅ' দেখুওৱাৰ চলেৰে অশ্লীল ভিডিঅ’ দেখুৱাই কনমানীজনীক ধৰ্ষণ কৰে ৷





    সেই সময়তে ধৰ্ষিতা নাবালিকাগৰাকীৰ মাতৃয়ে ঘৰত উপস্থিত হৈ স্বচক্ষে সকলো প্ৰত্যক্ষ কৰে ৷ লগে লগে মাটিয়া আৰক্ষীক খবৰ দিয়ে আৰু এক গোচৰো ৰুজু কৰে ৷ ঘটনা সন্দৰ্ভত মাটিয়া আৰক্ষীয়ে ইতিমধ্যে লম্পট ইছমাইল হুছেইন (৪৭)ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷





    ইফালে ধৰ্ষণকাৰীয়ে কোনো কাৰণতে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰাৰ লগতে উচিত শাস্তিৰ দাবী জনাই ভুক্তভোগী পৰিয়ালটোৱে৷