Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
অষ্ট্ৰেলিয়াঃ বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৪-১ৰ ব্যৱধানত টি-২০ শৃংখলাত পৰাভূত হয়। পৰাজয়ৰ পাছতে অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে তিক্ত সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। লেংগাৰৰ অধীনত অষ্ট্ৰেলিয়াই ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই। সদ্যসমাপ্ত বাংলাদেশ শৃংখলাকে ধৰি চলিত বৰ্ষত অষ্ট্ৰেলিয়াই ৫খন টি-২০ শৃংখলাত পৰাভূত হৈছে।
কেৱল টি-২০ শৃংখলাতে নহয় টেষ্ট আৰু এদিনীয়াতো দলটোৱে উন্নত প্ৰদৰ্শনত ব্যৰ্থ হৈছে। সেয়েহে, প্ৰশিক্ষক হিচাপে লেংগাৰৰ যোগ্যতা সন্দৰ্ভত বাৰম্বাৰ প্ৰশ্ন উত্থাপিত হৈছে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত। কিন্তু অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ মুখ্য কাৰ্যবাহী নিক হ’কলিয়ে লেংগাৰৰ পক্ষত থিয় দিছে। দায়িত্ব গ্ৰহণৰ পাছত লেংগাৰে নিয়াৰিকৈ কাম কৰা বুলি মন্তব্য নিক হ’কলিৰ। বুধবাৰে এক বিবৃতিত নিক হ’কলিয়ে লেংগাৰক ভূয়সী প্ৰশংসা কৰে। তেওঁৰ মতে, আগন্তুক টি-২০ বিশ্বকাপ আৰু এছেজত লেংগাৰৰ প্ৰশিক্ষণত অষ্ট্ৰেলিয়াই ভাল খেলিব বুলি দৃঢ়বিশ্বাসী।
নিক হ’কলিয়ে সদৰী কৰে যে, ‘২০১৮চনত জাষ্টিন লেংগাৰে অষ্ট্ৰেলিয়াৰ পুৰুষ দলৰ দায়িত্বগ্ৰহণ কৰাৰ পাছত লেংগাৰে সংস্কৃতি, মূল্যবোধ আৰু খেলুৱৈৰ আচৰণ উন্নত কৰাৰ ক্ষেত্ৰত এক অবিশ্বাস্য কাম কৰিছে। তেওঁৰ প্ৰচেষ্টাই ৰাষ্ট্ৰীয় দলটোৰ ওপৰত মানুহৰ আস্থা পুনৰুদ্ধাৰ কৰিছে। দলটোৱে ক’ভিড-১৯ মহামাৰীৰ বাবে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল আৰু দল গঠন প্ৰত্যাহ্বানজনক হৈ পৰিছিল। লেংগাৰে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এদিনীয়া, টেষ্ট আৰু টি-২০ ক্ৰিকেটত দৃঢ় প্ৰত্যয়েৰে প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ প্ৰশিক্ষণত দলৰ খেলুৱৈয়ে পৰৱৰ্তী গ্ৰীষ্মকালীন খেলসমূহত সফল হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Leave A Comment