National
The numbers clearly indicate a significant progress in the development of mechanism to settle international trade in Indian rupees.
গুৱাহাটী : বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে আজি কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হৈছে৷ মহানগৰীৰো বিভিন্ন স্থানত ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে৷ বন্ধ সফল কৰাৰ বাবে বিভিন্ন স্থানত প্ৰতিবাদকাৰী ৰাজপথত নামি পৰা পৰিলক্ষিত হৈছে।
মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ খণ্ডযুদ্ধৰ ঘটনা। SUCIৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা এই খণ্ডযুদ্ধ সময়ত একাংশ মহিলা প্ৰতিবাদকাৰী উলুবাৰীৰ ৰাজপথতে শুই পৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
তিনি কৃষি আইন বিৰোধিতাৰে সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত গুৱাহাটীত ওলাই আহিছিল SUCI নেতা, কৰ্মী৷ আমবাৰীৰ পৰা প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি উলুবাৰীত উপস্থিত হোৱাৰ পাছতে পল্টনবজাৰ আৰক্ষীয়ে উলুবাৰীত বাধা দিয়ে প্ৰতিবাদীকাৰীসকলক৷ আৰক্ষীয়ে আটক কৰিছে ২০গৰাকীকৈ প্ৰতিবাদকাৰীক৷ ইপিনে ধুবুৰীতো বন্ধৰ আংশিক প্ৰভাৱ পৰিছে। দূৰণিবটীয়া যান-বাহন সম্পূৰ্ণ ৰূপে বন্ধ থকাৰ বিপৰীতে দোকান পোহাৰ সম্পূৰ্ণ ৰূপে খোলা আছে৷ ৰাজ্যৰ আন বিভিন্ন স্থানতো আংশিক প্ৰভাৱ দেখা গৈছে বন্ধৰ৷
Leave A Comment