• অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ভাগ ল’ব ভালেমান কাৰ্যসূচীত

    আঞ্চলিক
    অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ভাগ ল’ব ভালেমান কাৰ্যসূচীত

    গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কালি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত ভাগ লোৱাৰ পাছত আজি গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ৷ উত্তৰ পূবৰ ভালেমান সমস্যা সন্দৰ্ভত আলোচনা কৰা শ্বাহে আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিব ৰেডিঅ’ থেৰাপী ব্লক৷





    শংকৰদেৱ কলাক্ষেত্ৰতো তেওঁ অংশ ল’ব এটা অনুষ্ঠানত৷ কেইবাখনো নতুন আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে৷ ক'ভিডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক্ বিতৰণো কৰিব গৃহমন্ত্ৰীয়ে৷ এই কাৰ্যসূচীৰ মাজতে তেওঁ আধাৰশিলা স্থাপন কৰিব তামুলপুৰ মেডিকেল কলেজৰ৷





    কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী আধাৰশিলা স্থাপন কাৰ্যসূচীত ভাগ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে, অসমত ড্ৰাগছ বিৰোধী অভিযান, চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা আদি চলি থকাৰ মাজতে গৃহমন্ত্ৰীৰ এই ভ্ৰমণে ভালেমান দিশত নিৰ্ণায়ক দিশ নিৰ্দেশনাৰ সম্ভাৱনা আছে।