National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
গুৱাহাটীঃ অসমত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিছে আফগানিস্তানৰ নাগৰিক। কেৰালা আৰক্ষীয়ে অসমত গ্ৰেপ্তাৰ কৰিছে আফগানিস্তানৰ এজন ব্যক্তিক৷ কেৰালা আৰক্ষীৰ এটা দল আহিছে অসমলৈ৷ অভিযুক্ত ব্যক্তিজনে দাবী কৰা অনুসৰি তেওঁৰ পিতৃ আফগানিস্তানৰ যদিও মাতৃ অসমৰ৷ অসমৰ ঠিকনাত আধাৰ কাৰ্ড প্ৰস্তুত কৰি কেৰালাত চাকৰি কৰিছিল লোকজনে৷
নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল লোকজনে৷ পাছত অসমত কোনো লোকৰ দ্বাৰা ভুৱা ঠিকনাৰে আধাৰ বনাইছিল লোকজনে৷ অসমৰ অন্য এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে। আফগানি যুৱকজনৰ নাম আব্বাছ খান ওৰফে ইগদুল(২২) বুলি আমাৰ হাতলৈ খবৰ আহিছে। তিনিমাহৰ ‘ভিজা’ লৈ ভাৰতলৈ আহিছিল যুৱকজন। নগাঁৱৰ পৰা উলিয়াইছিল ভুৱা ঠিকনাৰে আধাৰ কাৰ্ড।
ইতিমধ্যেই কেৰালা আৰক্ষীৰ বিশেষ দলে অনুসন্ধান চলাই আছে নগাঁৱত। আব্বাছক গোপনে আশ্ৰয় দিয়াৰ অপৰাধত অসমৰ ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ কেৰালা আৰক্ষীৰ অভিযানত নগাঁৱৰ পৰাও এজনক গ্ৰেপ্তাৰ কৰা হৈছে।
Leave A Comment