• অসমত হ'ব স্থাপন দিব্যাংগ বিশ্ববিদ্যালয় : ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

    আঞ্চলিক
    অসমত হ'ব স্থাপন দিব্যাংগ বিশ্ববিদ্যালয় : ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

    গুৱাহাটী : কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক আজি উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত৷ মন্ত্ৰীগৰাকীক অসম প্ৰদেশৰ তৰফৰ পৰা তেখেতক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা, সাংসদ কুইন ওজা৷

    উত্তৰ-পূবৰ বাবে মহিলা, দিব্যাংগ, জ্যেষ্ঠ নাগৰিকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণৰ চিন্তা চৰ্চা কৰাৰ কথা সদৰি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ভৌমিকে৷ অসমত দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগতে প্ৰতিখন জিলাত দিব্যাংগ ৰিহেব কেন্দ্ৰ হ’ব৷ এতিয়াৰে পৰা দিব্যাংগ সকলৰ UDID কাৰ্ড সমগ্ৰ দেশতেই কাৰ্যকৰী হ’ব৷

    ইয়াৰ পূৰ্বে এই কাৰ্ড কেৱল নিজ নিজ ৰাজ্যতহে প্ৰযোজ্য হৈছিল৷ দেশৰ তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ৷ মোদী মন্ত্ৰীসভাত মহিলাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথাও সদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে৷