National
Even after 35 years, he is still living in the hearts of millions of Indians through his songs, making him an evergreen talented superstar of Bollywood...
গুৱাহাটী : অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় হ'ব এইবাৰ অসমত৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমলৈ আন এক উপহাৰ৷ নয়দাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়৷ আজি এই কথা উত্তৰ গুৱাহাটীত ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ পেট্ৰ’লিয়ামৰ দায়িত্ব লাভ কৰি গৌৰৱবোধ মন্ত্ৰীগৰাকীৰ৷
উত্তৰ গুৱাহাটীৰ ‘SKILL DEVELOPMENT INSTITUTE’ ত বৰ্তমান ১৬ টা পাঠ্যক্ৰম আছে যদিও অনাগত দুবছৰত আৰু ৪ টা নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পোষকতা মন্ত্ৰীগৰাকীৰ৷ নতুন পাঠ্যক্ৰমে যুৱক-যুৱতীক আত্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি মতপোষণ তেলীৰ। ২০১৭ চনতে স্থাপিত প্ৰতিষ্ঠানটোত শিক্ষা লৈ ইতিমধ্যে ৩,০০০ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক লাখ যুৱক-যুৱতীক সংস্থাপন কৰাৰ যি লক্ষ্য সেয়া কৌশল বিকাশ কেন্দ্ৰৰ দ্বাৰাও সহায়ক হ'ব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ।
Leave A Comment