• অসমৰ ছজনকৈ প্ৰব্ৰজিত শ্ৰমিকৰ মেঘালয়ত মৃত্যু

    আঞ্চলিক
    অসমৰ ছজনকৈ প্ৰব্ৰজিত শ্ৰমিকৰ মেঘালয়ত মৃত্যু

    শ্বিলং : মেঘালয়ৰ পূব জয়ন্তীয়া হিল জিলাৰ অৰণ্যৰ মাজত থকা এটা ১৫০ফুট গভীৰ খাদত পতিত হৈ মৃত্যু হয় শ্ৰমিককেইজনৰ।





    আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক ! দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা পিতৃ-মাতৃৰ





    স্থানীয় লোকসকলে সদৰী কৰা মতে প্ৰব্ৰজিত শ্ৰমিককেইজনে অবৈধ কয়লাৰ খনিত খনন চলাই থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় আৰু শুকুৰবাৰে পুৱা দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।





    আৰু পঢ়িব পাৰিব : প্ৰতিষেধকৰ সপক্ষে কেন্দ্ৰৰ প্ৰচাৰ অভিযান আৰম্ভ





    অৱশ্যে চৰকাৰে কয়লাৰ অবৈধ খননৰ কথাটো অস্বীকাৰ কৰিছে আৰু শ্ৰমিককেইজনে অন্য কাৰণতহে খনন কৰি থকা বুলি সদৰী কৰিছে।





    মেঘালয়ৰ কেলৰিয়াহাটৰ লাইড্ৰুমবাইৰ কয়লাৰ খনিত কাম কৰিবলৈ গৈ মৃত্যু হ’বলগীয়া হয় কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ পূৰ্ব জালালাবাদ গাঁৱৰ চাৰিগৰাকী শ্ৰমিকৰ। অভাৱৰ তাড়নাত তথা পৰিয়াল পোহ-পাল দিয়াৰ বাবে মেঘালয়ৰ কয়লাৰ অবৈধ খননত কাম কৰিবলৈ গৈ কয়লাৰ চেপাত থিতাতে মৃত্যু হয় মকবুল হুছেইন (৪৫), আলী হুছেইন (৪০), দিলোৱাৰ হুছেইন (৩৫) আৰু জালাল উদ্দিন (২৮)।