ৰাষ্ট্ৰীয়
ডিফু : চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনে আজিও ব্যতিব্যস্ত কৰি ৰাখিছে অসমক। একাধিক চুবুৰীয়া ৰাজ্যই অসমৰ ভূমিভাগত সঘনে নিজৰ আগ্ৰাসন চলোৱাৰ চেষ্টা কৰি আহিছে। মিজোৰামৰ সৈতে ইয়াকে ৰক্তক্ষয়ী সংঘাতৰ হোৱাৰ দুঃস্বপ্ন মচ নাখাওঁতেই এইবাৰ কাৰ্বি পাহাৰৰ অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ভূমিত পুনৰ নগাৰ বেদখল৷
ডলডলি সংৰক্ষিত বনাঞ্চলৰ লাহৰিজানৰ ডিছাপুৰত গীৰ্জা নিৰ্মাণৰ যো-যা একাংশ নাগাৰ৷ আজি পুৱাৰে পৰা ৪০/৫০ জনীয়া এটা নাগা লোকৰ দলে আৰম্ভ কৰে গীৰ্জা নিৰ্মাণ কাম৷ তদুপৰি দলটোৱে আনকি মাইকযোগে ঘোষণা কৰে, সকলোৱে মিলি তাত গাঁও পাতি বসবাস কৰিব৷
এই গাঁৱক চৰকাৰে স্বীকৃতি দিয়া বুলিও মাইকযোগে ঘোষণা কৰে নগা লোকসকলে৷ ইপিনে, এনে কাৰ্য বাধা দিবলৈ যোৱা বেটেলিয়ন আৰু বন বিভাগৰ লোকো নিৰুপায় হৈ ঘূৰি আহে৷ এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু আৰক্ষীক বন বিভাগে অৱগত কৰিছে বুলি জানিব পৰা গৈছে৷
Leave A Comment