Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী : এবুৰি এশ সমস্যাৰে জৰ্জৰিত অসম-মেঘালয় সীমান্ত! তাৰ মাজতেই মেঘালয়ে অসমৰ ভূমিত স্থাপন কৰিলে টোলগে’ট৷ টোলগে’ট স্থাপন কৰাক লৈ অসমত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাৰ স্থান খোদ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা পশ্চিম গুৱাহাটীৰ মুদুকী নামৰ ঠাইত। চলে-বলে কৌশলে অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন অব্যাহত থকাৰ পাছতো নিৰ্বিকাৰ ৰজাঘৰীয়া।
আৰু পঢ়িব পাৰিব : অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ২৪টা প্ৰশ্ন ৰিপুন বৰাৰ
এইবাৰ খোদ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ মুদুকীত মেঘালয়ে অবৈধ টোলগে’ট স্থাপন কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
আৰু পঢ়িব পাৰিব : ছনু ছুডৰ মুম্বাইৰ অট্টালিকাতো বিএমচিৰ বুলডজাৰ!
মেঘালয়ে সীমামুৰীয়া অসমৰ ভূমিত বিদ্যালয়, বিজুলী, বিশুদ্ধ খোৱাপানী আদিৰ ব্যৱস্থাৰে আগ্ৰাসন চলাই এইবাৰ টোলগে’ট স্থাপনেৰে ধন ঘটাৰ পাং পাতিছিল যদিও ৰাইজৰ অভিযোগৰ ভিত্তিত পলাশবাৰীৰ ৰাজহচক্ৰ বিষয়াই আৰক্ষীক লগত লৈ উঠাই দিলে টোলগে’টৰ বেনা-পোষ্টাৰ। মেঘালয়ে ভয়-ভাবুকিৰে অসমত আগ্ৰাসন চলাই থকাৰ পাছতো ৰজাঘৰীয়া নীৰব হৈ থকাৰ অভিযোগ ৰাইজৰ।
Leave A Comment