গুৱাহাটীঃ অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্য অসমৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰত আজি অসম আৰক্ষীৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ এই বৈঠক অনুষ্ঠিত হয়। আৰক্ষীক অধিক জনমুখী কৰাত গুৰুত্ব প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ আৰক্ষীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
ধৰ্ষণকাৰীৰ চাৰ্জশ্বীট ৩ মাহৰ ভিতৰত দিব লাগিব আৰক্ষীয়ে। আৰক্ষীয়ে উৎকোচ ল’ব নোৱাৰিব বুলিও ভাষণ প্ৰসংগতে তেওঁ মন্তব্য কৰে। তেওঁ প্ৰকাশ কৰে যে, প্ৰতি ছমাহৰ মূৰে মূৰে ভাৰপ্ৰাপ্ত বিষয়াৰে বৈঠক অনুষ্ঠিত হ’ব। বৈঠকৰ জৰিয়তে কামৰ খতিয়ান দিব লাগিব অ’চিসকলে। প্ৰতি দুবছৰৰ মূৰে মূৰে বদলি কৰা হ’ব অ’চিসকল। ডিজিপি আৰু এছপিয়ে নিৰ্ধাৰণ কৰিব অ’চিৰ বদলিৰ স্থান।
জুৱা খেল আৰক্ষীৰ অনুমতি অবিহনে নচলে বুলিও মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আৰক্ষীয়ে সুৰাপান কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডঃ শৰ্মাই। আৰক্ষী হ’লেই সুৰাপান কৰিব লাগিব বুলি কথা নাই বুলিও মন্তব্য কৰে তেওঁ। পুলিচ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত হেমাহি নকৰিবলৈ তেওঁ আৰক্ষীক আহ্বান জনায়। প্ৰতিবছৰে থানা নিৰীক্ষণ খৰচ হিচাপে প্ৰতিখন আৰক্ষী থানাই ২.৫ লাখ টকাকৈ লাভ কৰিব বুলিও তেওঁ ঘোষণা কৰে।
Leave A Comment