• অসম আৰক্ষীক গুলীয়াই আনন্দ প্ৰকাশ মিজোৰ: টুইটাৰযোগে কঠোৰ সমালোচনা হিমন্তৰ

    আঞ্চলিক
    অসম আৰক্ষীক গুলীয়াই আনন্দ প্ৰকাশ মিজোৰ: টুইটাৰযোগে কঠোৰ সমালোচনা হিমন্তৰ

    গুৱাহাটী : সীমান্তৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ এলানি টুইটেৰে মিজোৰামক সমালোচনা ডঃ শৰ্মাৰ৷ মিজোৰামে ব্যৱহাৰ কৰিছিল ‘লাইট মেচিনগান’৷ অসম আৰক্ষীক গুলীয়াই আনন্দ প্ৰকাশ মিজোৰ৷ মিজোৰাম আৰক্ষীয়ে প্ৰকাশ কৰিছিল আনন্দ উল্লাস৷ হিমন্ত বিশ্বই টুইটাৰত আপলোড কৰিছে এটি ভিডিঅ’৷ অসম চৰকাৰে প্ৰকাশ কৰিছে আনুষ্ঠানিক প্ৰতিক্ৰিয়া৷





    অসম আৰক্ষীয়ে যথেষ্ট সংযম ৰক্ষা কৰা বুলি প্ৰকাশ কৰে তেওঁ৷ অতি ভয়াৱহ, অভাৱনীয় আছিল মিজোৰ আক্ৰমণ৷ ইতিমধ্যেই শিলচৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ চিকিৎসাধীন জোৱানৰ স্বাস্থ্যৰ বুজ লয় তেওঁ৷ উচ্চ পৰ্যায়ৰ বিষয়াৰে মিলিত হ’ব এখন বৈঠকত৷ অগ্নিগৰ্ভা সীমান্তলৈও যাব মুখ্যমন্ত্ৰী শৰ্মা৷





    আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ সীমান্তৰ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ৷ গৃহমন্ত্ৰীৰ প্ৰস্থানৰ পাছতে অগ্নিগৰ্ভা অসম- মিজোৰাম সীমান্ত৷ অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীৰে অমিত শ্বাহৰ বাৰ্তালাপ৷ শান্তি বজাই ৰাখিবলৈ দুয়োপক্ষক নিৰ্দেশ দিয়ে তেওঁ৷ সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ শ্বাহৰ৷