• অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ

    আঞ্চলিক
    অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ

    গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াক সাক্ষাৎ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকসহ শীৰ্ষ নেতৃত্বৰ এটা দলে। আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সংসদৰ সচিবৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় নেতাকেইগৰাকী।





    আৰু পঢ়িব পাৰিব : ২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ‘বেলকনিত ভগৱান’





    ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত কোনো বাধা নোহোৱাকৈ সুকলমে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবা আৰু কাউন্সিলক অনুৰোধ জনায় আছুৱে। উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিত নতুনকৈ অন্তৰ্ভুক্ত কৰা ‘বিহু’ বিষয়টোৰ সম্পৰ্কে সচিবৰ সৈতে আলোচনা কৰে আছু নেতৃত্বই।





    আৰু পঢ়িব পাৰিব : যৌতুকৰ বাবে মুখত সোপা দি ছুৰীৰে আক্ৰমণ শাহুৱেকক





    নতুনকৈ অন্তৰ্ভুক্ত কৰা বিহু বিষয়টোৰ বাবে ইতিমধ্যে কাউন্সিলৰ ফালৰপৰা এখন কমিটী গঠন কৰা হৈছে। প্ৰথম বৰ্ষৰ কিতাপৰ কাম সম্পন্ন হৈছে আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যপুথিৰ কাম চলি আছে। শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকৈ হ’ব এই বিষয়েও সচিবৰ সৈতে আলোচনা কৰে নেতাকেইগৰাকীয়ে।