International
These cases and threats demonstrate that this is just the tip of the iceberg with the high level of danger that political leaders…
Digital Desk: In
গুৱাহাটী : তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মহানুভৱতা৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ আগবঢ়ালে ১০০খন আইচিউৰ বিছনা৷ যুৱৰাজ সিং ফাউণ্ডেচনৰ সৈতে চুক্তিবদ্ধ হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়৷ ক’ভিডত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ শীঘ্ৰেই আৰম্ভ হ’ব এই প্ৰকল্পৰ কাম৷ এই মহৎ পদক্ষেপ গ্ৰহণ কৰিছে তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং ফাউণ্ডেচনে৷ ক'ভিড-১৯ত আক্ৰান্ত শিশুসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ১০০খন আইচিইউ বিছনা দান কৰিছে ফাউণ্ডেচনে।
ক্ৰিকেটাৰগৰাকীৰ উদ্যোগত গঠন হোৱা যুৱৰাজ সিং ফাউণ্ডেচনে এখন পত্ৰযোগে এএমচিএইচ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। ক্ৰিকেটাৰগৰাকীক ধন্যবাদ জ্ঞাপন কৰি এএমচিএইচৰ অধীক্ষক ড০ সঞ্জীৱ কাকতিয়ে কয়, 'দুমাহ পূৰ্বে আমি এটা বাৰ্তা পাইছোঁ যে যুৱৰাজ সিং ফাউণ্ডেচনে বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ ১০০০ আইচিইউ বিছনা দান কৰিব। ইয়াৰ ভিতৰত, আমালৈ ১০০খন বিছনা প্ৰদান কৰিব। শিশুৰ চিকিৎসাত ব্যৱহাৰ হ’বলগীয়া এই ১০০খন বিছনাৰ ভিতৰত, ২০ খন বিছনাত সম্পূৰ্ণ ভেণ্টিলেটৰৰ সুবিধা থাকিব আৰু এএমচিএইচৰ শিশু ৱাৰ্ডত ৮০ খন অক্সিজেনৰ সুবিধা থকা বিছনাৰ ব্যৱস্থা কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত এনে ধৰণৰ ৫০খন বিছনা থাকিব।
Leave A Comment