• অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্ৰী পীযুষ হাজৰিকা

    আঞ্চলিক

    গুৱাহাটী : অসম টেবুল টেনিছ সন্থাৰ নতুন কমিটী গঠন৷ নতুন সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰিকা৷ জুম মিটিঙৰ জৰিয়তে সভাপতি হিচাপে নিৰ্বাচিত হয় পীয়ুষ৷ উল্লেখ্য যে, প্ৰাক্তন সভাপতি মৃগাংকা বৰ্মনে অসম টেবুল টেনিছ সংস্থাৰ সভাপতিপদৰ পৰা পদত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা পদটো খালী হৈ আছিল।

    ভাৰ্চুৱেল সভাখনত সভাপতিত্ব কৰে অসম টেবল টেনিছ সংস্থাৰ উপ-সভাপতি মুনিন নবিছে। 'আটাৰ' সকলো কাৰ্যবাহী সদস্য আৰু অনুমোদিত জিলাৰ সৰ্বসন্মতিক্ৰমে নতুন সভাপ্ৰতি হিচাপে পিযুষ হাজৰিকাক নিৰ্বাচিত কৰে।

    টেবুল টেনিছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ধনৰাজ চৌধুৰীৰ লগতে অসম অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা পৰ্যবেক্ষক হিচাপে নিযুক্ত হোৱা অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ সম্পাদক ওমৰ ৰছিদৰ সৈতে বৈঠকখনত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।

    Weather Forecast