ৰাষ্ট্ৰীয়
কৰিমগঞ্জঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে। কিন্তু এইক্ষেত্ৰত কৰিমগঞ্জ আৰক্ষীৰ ভূমিকা প্ৰশংসনীয়। শনিবাৰে অসম-ত্ৰিপুৰা সীমান্ত চূড়াইবাৰীত অসম আৰক্ষীৰ তালাচী অভিযানত উদ্ধাৰ হৈছিল কেইবালাখ টকাৰ ফেনচিডিল। পুনৰ আজি পাথাৰকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ ব্রাউন ছুগাৰ।
আৰু পঢ়িব পাৰিব : ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যু অলিম্পিয়ান ৰবীন্দ্র পাল সিঙৰ
পাথাৰকান্দি আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত পাথাৰকান্দিৰ পূর্বগুল দোহালীয়াৰ ছফিয়ান আহমেদৰ ঘৰত তালাচী চলায় উদ্ধাৰ কৰে ৭টাকৈ চাবোনৰ বাকচ। আৰু এই বাকচত আছিল প্রায় ১০০ গ্রাম ওজনৰ ব্রাউন ছুগাৰ। জানিব পৰা মতে দীৰ্ঘদিন ধৰি ড্রাগছৰ অবৈধ বেহা চলাই আহিছিল ছফিয়ান আহমেদে।
আৰু পঢ়িব পাৰিব : ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পৰেশ হাজৰিকাৰ দেহাৱসান
পিছে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য পায় আৰক্ষীয়ে। ব্রাউন ছুগাৰখিনিৰ বজাৰ মূল্য আনুমানিক প্ৰায় তিন লাখ টকা হ’ব বুলি পাথাৰকান্দি আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া সঞ্জীৱ তেৰঙে সংবাদমাধ্যমৰ আগত প্রকাশ কৰে। বৰ্তমানে ছফিয়ান আহমেদক সোধা-পোছা চলাই আছে পাথাৰকান্দি আৰক্ষীয়ে।
Leave A Comment