• অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই যুৱক

    আঞ্চলিক
    অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই যুৱক

    কাৰ্বি আংলং: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান সমাপ্ত হোৱাৰ পাছত আজি কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলত অস্ত্রসহ দুজন যুৱক আটক হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : ধ্বংসস্তূপত আবদ্ধ কিছু পৰিয়াল!





    প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষীৰ চি আই ভূপেন কলিতাৰ লগতে খটখটী থানাৰ অ’চি ম’বলিক ব্ৰহ্মৰ সহযোগত খটখটী আৰক্ষী থানাৰ অন্তৰ্গত ছানডে’ মাৰ্কেটত তালাচী অভিযান চলোৱা হয়৷ উক্ত তালাচী অভিযানত সন্দেহৱশতঃ নম্বৰ প্লেটবিহীন এখন স্কুটীক ৰখিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰক্ষীৰ লোকে৷





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ দ্ৰুত সংক্ৰমণ : শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি





    স্খুটীখন ৰখোৱাৰ পাছত আৰক্ষীৰ লোকে উক্ত স্কুটীৰ পৰা এটা ৭.৬৫ পিষ্টল, ১টা মেগাজিন, দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰি দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত যুৱক দুজন ক্ৰমে ডিমাপুৰৰ শ্বহ’বি চ্যুৰ পুত্ৰ নিক’ট’ চ্যু (২৫) আৰু নিল’জ’ চ্যুৰ পুত্ৰ অৰুণাট' চ্যু (২৬) বুলি আমাৰ হাতলৈ খবৰ আহিছে।