• অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত লুৰিণ জ্যোতি গগৈৰ সংবাদমেল সম্বোধন

    আঞ্চলিক
    অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত লুৰিণ জ্যোতি গগৈৰ সংবাদমেল সম্বোধন

    গুৱাহাটীঃ ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে আজি সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ জৰিয়তে অসম-মিজোৰাম সীমান্তৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গগৈয়ে৷ নিহতসকললৈ শ্ৰদ্ধাৰ্ঘ নিৱেদিছে তেওঁ। অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ই এটা ভয়াৱহ ঘটনা বুলি মন্তব্য আগবঢ়ায় তেওঁ। আন্তঃৰাজ্যিক সীমা সমস্যা দীৰ্ঘদিনীয়া সমস্যা বুলিও ব্যক্ত কৰে তেওঁ। সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও উভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে।





    ‘অসমৰ সীমাৰ ভিতৰৰ এক ইঞ্চি মাটিও আনক এৰি দিয়াৰ পোষকতা নকৰো’-বুলি তেওঁ কয়৷ ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াত লজ্জিত হোৱা বুলিও সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য স্বহীদসকলৰ বাবে চূড়ান্ত অপমানসূচক বুলিও গগৈয়ে কয়৷ এয়া দুৰ্বল ব্যক্তিৰ মন্তব্য বুলিও হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। ‘নেডা’ৰ আহ্বায়কে এই সমস্যা সমাধানক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও সভাপতিগৰাকীয়ে মন্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে এইক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও সদৰী কৰে তেওঁ৷ আমি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো বুলিও ব্যক্ত কৰে গগৈয়ে।





    এই সমস্যাৰ এটা স্থায়ী সমাধান বিচাৰিছে অসম জাতীয় পৰিষদে। মাটি দিয়াৰ পৰম্পৰা এইখন চৰকাৰৰ আগৰেপৰা আছে বুলিও চৰকাৰক সমালোচনা কৰে ‘এজেপি’ৰ সভাপতিগৰাকীয়ে। সীমান্ত উন্নয়ন বাবে এইখন চৰকাৰে কোনোধৰণণ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও চৰকাৰক কটাক্ষ কৰে তেওঁ। চৰকাৰে সীমান্তক লৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ তথ্য লিখিত আকাৰে প্ৰকাশ কৰিব লাগে বুলিও লুৰিণজ্যোতি গগৈয়ে দাবী উত্থাপন কৰিছে।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor