Sci & Tech
বকোঃ অসম-মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বকোত এক প্ৰতিবাদী সমদল ওলিওৱা হয়। এই প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে৷
কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা এই সমদল আৰম্ভ কৰি বকো বজাৰৰ মাজেৰে আহি বকো চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিবাদী দলটো৷ ‘মেঘালয়ৰ আগ্ৰাসন নচলিব, সীমা সমস্যা সমাধান কৰক, অসমৰ মাটি মেঘালয়ক এৰি দিয়া নহ’ব’-আদি শ্ল’গানেৰে উত্তাল কৰি তোলে বকোৰ ৰাজপথ৷
বকো ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে মন্ত্ৰী অতুল বৰালৈ সীমা সমস্যা সমাধানৰ দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
Leave A Comment