• অসম লোকসেৱা আয়োগৰ ন্যায়িক জাননীক উপেক্ষা ৫ প্ৰাৰ্থীৰ

    আঞ্চলিক
    অসম লোকসেৱা আয়োগৰ ন্যায়িক জাননীক উপেক্ষা ৫ প্ৰাৰ্থীৰ

    গুৱাহাটী: অসম লোকসেৱা আয়োগৰ ন্যায়িক জাননীক কৰিছে উপেক্ষা কৰিছে ৫ প্ৰাৰ্থীয়ে৷ আয়োগৰ জাননীক সঁহাৰি নজনালে ৫গৰাকী প্ৰাৰ্থীয়ে৷ ১৯গৰাকী ৰাজপত্ৰিত বিষয়াক দিয়া হৈছিল এই জাননী৷ ইতিমধ্যে ১৪ প্ৰাৰ্থীৰহে পোৱা গৈছে সঁহাৰি৷





    উত্তৰ দিয়াৰ সময়সীমা আছিল ১৫ জুলাই৷ ডাকযোগে উত্তৰ প্ৰেৰণ কৰিব ৫গৰাকী প্ৰাৰ্থীয়ে৷ বিপ্লৱ শৰ্মাৰ ন্যায়িক আয়োগক জনালে ৫ প্ৰাৰ্থীয়ে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত অব্যাহত আছে৷ বৰ্তমানলৈ সাক্ষ্য প্ৰদান কৰিছে মাত্ৰ ৪গৰাকী বিষয়াই৷ ত্ৰিদিপ ৰয়, জয়ন্ত দলে, বিক্ৰমাদিত্য বৰা, পুষ্কল গগৈৰ সাক্ষ্যদান কৰিছে।