Sports
ওদালগুৰি: অস্ত্ৰ-শস্ত্ৰসহ পুনৰ মকলি আকাশৰ তললৈ আহিল এনএলএফবি কেডাৰ। বিগত ২২ জুলাইত ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লালপানীত এম বাথা আৰু বকোৰ নেতৃত্বত ২৩জনকৈ এনএলএফবি কেডাৰে জংঘলৰ পৰা ওলাই অহাৰ পাছত আজি পুনৰ ৬৭গৰাকী কে়ডাৰ ওলাই আহে।
ওদালগুৰিৰ মাজবাটৰ অসম-অৰুণাচলৰ পাহাৰীয়া জংঘলৰ পৰা হাতে হাতে অস্ত্ৰ-শস্ত্ৰলৈ কিয়াজুলিত উপস্থিত হয় কেডাৰসকল। পূৰ্বৰে পৰা ৰৈ থকা অসংখ্য লোকে হৰ্ষধ্বনিৰে আদৰণি জনায় এনএলএফ বি কেডাৰসকলক। আৰক্ষীৰ বেস্তনীৰ মাজেৰে প্ৰায় ৩ কিলোমিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰাৰ পাছত আৰক্ষীৰ বাছেৰে ওদালগুৰিলৈ আহে কেডাৰসকলক।
কেডাৰসকলে ৮টাকৈ একে চিৰিজ, ২টা এছএল আৰ ২টা, ২টা নাইনএমএম পিষ্টল, ৭.২ পিষ্টল ২টা, হেণ্ড গ্ৰেনেড ৪টা লৈ ওলাই আহে। স্থায়ী শান্তিৰ স্বাৰ্থতে এনএলএফবিৰ কেডাৰসকল এনেদৰে মুকলি আকাশৰ তললৈ ওলাই অহা বুলি মন্তব্য কৰে সংগঠনটোৰ উপ-সভাপতি বি বকোৱে।
Leave A Comment