Regional
ধেমাজি : এগৰাকী ৬ বছৰীয়া শিশু কন্যাক অপহৰণ কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জোনাইত। জোনাইৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সমীপত তথা গান্ধী ময়দানৰ কাষৰ পৰা বুধবাৰৰ সন্ধিয়া কুমকুম পেগু নামৰ এগৰাকী ৬ বছৰীয়া শিশুৱে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাৰ পৰা এখন এল্ট’ গাড়ীৰে দুৰ্বৃত্তই অপহৰণ কৰা বুলি জানিব পৰা গৈছে। কুমকুম পেগু নামৰ শিশুটি আছিল জোনাইস্থিত অগ্নি নির্বাপক বাহিনীৰ এছ.অ’ প্রশান্ত পেগুৰ কন্যা।
ইফালে অপহৰণৰ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জোনাই আৰক্ষীয়ে আৰম্ভ কৰে তীব্ৰ অভিযান। ইফালে অপহৰণ কাণ্ডত জড়িত থকা এজন যুৱকৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত জোনাইৰে তিনিগৰাকী যুৱতী আৰু এগৰাকী বোৱাৰীক সোধা-পোছাৰ বাবে আটক কৰে জোনাই আৰক্ষীয়ে।
ইফালে যুৱতীসকলৰ তথ্যৰ ভিত্তিত অপহৰণকাৰীৰ মোবাইল নম্বৰ ট্রেক কৰি জোনাই আৰক্ষীয়ে অৰুণাচলৰ পূব চিয়াং জিলাৰ ৰুকচিন-চিলে আৰক্ষী তথা ৰাইজৰ সহযোগত সীমান্তৰ অৰুণাচলৰ তঃদে নামৰ ঠাইত অভিযান চলায়। অভিযানৰ সময়ত অপৰহণ কাণ্ডত ব্যৱহাৰ কৰা এ.এছ ০১ইটি-৮০১৭ নম্বৰৰ এখন মাৰুতি এল্ট’ গাড়ী উদ্ধাৰ কৰে এখন নদীত। গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে অৰ্জুন পেগু নামৰ এজন যুৱকৰ নথি-পত্ৰ।
ইফালে যোৱা ওৰেই নিশা অভিযান চলাইয়ো উদ্ধাৰ কৰিবলৈ সক্ষম নহল যদিও বৃহস্পতিবাৰৰ পুৱা প্ৰায় ৫ বজাত অৰুণাচল প্ৰদেশৰ চিকা তঃদেত স্থানীয় ৰাইজৰ লগতে আদী-মিচিং ছাত্র সংগঠনৰ একাংশ সদস্যই তঃদে তিনি আলিৰ সমীপত এখন টঙিত শিশুটি অকলে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
Leave A Comment