• অৰুণাচলত গ্ৰেপ্তাৰ দুই এনএছচিএন(কে)ৰ দুৰ্ধৰ্ষ কেডাৰ

    আঞ্চলিক
    অৰুণাচলত গ্ৰেপ্তাৰ দুই এনএছচিএন(কে)ৰ দুৰ্ধৰ্ষ কেডাৰ

    ডিব্ৰুগড়/নাহৰকটীয়া : অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজুত গ্ৰেপ্তাৰ হৈছে দুজনকৈ এন এছ চি এন (কে)ৰ দুৰ্ধৰ্ষ কেডাৰ। অসম ৰাইফলছৰ খুনচা বেটেলিয়ন আৰু লাজু আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুগৰাকীৰ নাম ক্ৰমে স্বয়ম্ভু চাৰজেণ্ট মেজৰ কমথকঙনপা আৰু মেজৰ চুণগৌং।





    দুটা পইণ্ট ৩২ পিষ্টল, ১৫০০ গ্ৰাম আই ই ডি, ৫ ৰাউণ্ড ৭.৬২ এ কে ৪৭ৰ, এক ৰাউণ্ড নাইন এম এম পিষ্টলৰ আৰু ১৩ ৰাউণ্ড পইণ্ট থ্ৰী টু পিষ্টলৰ সজীৱ গুলী, কেব’ল, সেনাৰ পোছাক, খাদ্য সামগ্ৰী, মেপ আদিকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ হৈছে।





    ম্যানমাৰৰ বাসিন্দা দুয়োগৰাকী উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ আগত দিয়া বিস্ফোৰক স্বীকাৰোক্তি অনুসৰি তেওঁলোকে সংগঠনটোৰ স্বয়ম্ভু লেফ্টনেণ্ট কৰ্নেল থকৱাং হডঙৰ নিৰ্দেশ ক্ৰমে চানলীয়াম গাঁও আৰু বাৰব নলাৰ মাজত আগন্তুক স্বাধীনতা দিৱসৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত বিস্ফোৰণ ঘটোৱাৰ লক্ষ্যৰে পৰিকল্পনা ৰূপায়ণৰ বাবেই অঞ্চলটোত প্ৰৱেশ কৰিছিল।