Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ডিজিটেল ডেস্ক : সচাকৈয়ে নাৰী সুৰক্ষিত নে? উক্ত বিষয়টোৰ আঁৰত সদায়েই এটা বিশাল প্ৰশ্নবোধক চিহ্ন ৰৈ যায়। নাৰী সুৰক্ষাৰ বিষয়টোত পুনৰ এবাৰ বৃহৎ প্ৰশ্নবোধক সৃষ্টি কৰিলে অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এটা ঘটনাই। ঘটনাৰ বিৱৰণী অনুসৰি অৰুণাচল প্ৰদেশৰ দাপ'ৰীজুত এটি বনকৰা কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। মৃত কিশোৰীগৰাকী লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিচাৰ।
কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাটোক কোনোপধ্যই সহজভাৱে ল'ব পৰা নাই আৰু ঘটনাটো পূৰ্বপৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ আনিছে। বনকৰা কিশোৰীগৰাকীক গৃহস্থই দীৰ্ঘদিনৰ পৰা অকথ্য নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ কৰি শেহতীয়াকৈ চৰম নিৰ্যাতনেৰে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
উল্লেখ্য যে, কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া সৰৱ হৈ পৰিছে আটছা, আছাকে ধৰি বিভিন্ন দল সংগঠন। তদুপৰি কিশোৰীগৰাকী মৃত্যু হোৱা চাৰিদিন হোৱা স্বত্তেও পৰিয়ালৰ লোকক চমজাই দিয়া হোৱা নাই মৃতদেহটো। এই কথায়ো ৰহস্যৰ সৃষ্টি কৰিছে। যদি মালিকপক্ষই সোনকালে মৃতদেহ ওভতাই নিদিয়ে তেতিয়া অৰুণাচললৈ খাদ্য সামগ্ৰী কঢ়িওৱা সকলো যান-বাহন অৱৰোধ কৰিব বুলিও আদিবাসী ছাত্ৰ সংগঠনে সকীয়াই দিছে।
Leave A Comment